অসম

assam

ETV Bharat / state

টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ - আত্মসাৎ কৰাৰ অভিযোগ

টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ। প্ৰতিটো পৰিয়ালক নিৰ্দিষ্ট পৰিমাণতকৈ কমকৈ চাউল প্ৰদান । সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি এজেণ্টৰ

tingkhong-rice-distribution-corruption
টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ

By

Published : Apr 22, 2020, 11:22 AM IST

টিংখাং, 22 এপ্ৰিল: কৰ‘ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত সৃষ্টি হোৱা এই জটিল সন্ধিক্ষণৰ সময়ত ৰাজ্যৰ একাংশ হৃদয়ৱান লোকে নিজৰ সাঁচতীয়া ধনেৰে দুখীয়া দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰি যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । তেনে সময়ত কিন্তু একাংশ অসাধু দুৰ্নীতি পৰায়ণ সুলভ মূল্যৰ দোকানৰ এজেণ্টে দুখীয়া দৰিদ্ৰৰ বাবে চৰকাৰে যোগান ধৰা চৰকাৰী সুলভ মূল্যৰ চাউলতো চান কাঢ়ি দুৰ্নীতি সংঘটিত কৰি আহিছে। টিংখাঙৰ ডিৰৈ অঞ্চলত তেনে এক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । টিংখাঙৰ ডিৰাই বাগিচাৰ টিংলাইনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে আৱণ্টিত চাউল দীৰ্ঘদিন ধৰি হৰলুকী কৰি আহিছে এজন দুৰ্নীতি পৰায়ণ এজেণ্টে। বিনোদ কিস্কু নামৰ এজেন্ট জনে বছৰ বছৰ ধৰি দুখীয়া গ্ৰাহকৰ চাউল হৰলুকী কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে । লক ডাউনৰ সময়তো গ্ৰাহকৰ নিৰ্ধাৰিত পৰিমাণতকৈ কমকৈ চাউল বিতৰণ কৰিছিল এইজন এজেণ্টে । যাৰ বাবে ক্ষুব্ধ হৈ পৰে হিতাধিকাৰী সকল । এজেণ্ট বিনোদ কিস্কুৰে সুলভ মূল্যৰ গ্ৰাহকৰ প্ৰতিটো পৰিয়ালক নিৰ্দিষ্ট পৰিমাণতকৈ ১ ৰ পৰা ৪ কিলোগ্ৰাম চাউল কমকৈ প্ৰদান কৰে। এটা পৰিয়ালত পাঁচজন সদস্য থাকিলে ২৫ কেজি চাউল পাব লাগে কিন্তু তাৰ বিপৰীতে ২৪ কেজি চাউল গ্ৰাহকক দি প্ৰতিজন গ্ৰাহকৰ পৰা ১ কেজি চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলিছে হিতাধিকাৰী সকলে ৷

টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ

আনহাতে সংবাদ মাধ্যমৰ সন্মুখত বুকু ফিন্দাই নিজৰ অনিয়মৰ কথা স্বীকাৰ কৰে দুৰ্নীতি পৰায়ণ এজেণ্ট বিনোদ কিস্কুৱে ৷ ইতিমধ্যে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে দুৰ্নীতি সংঘটিত কৰা এজেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আটছাই ৷

লগতে পঢ়ক :গোলাঘাটৰ এটা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত

ABOUT THE AUTHOR

...view details