টিংখাং, 22 জানুৱাৰী :ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 ৰ অধীনত টিংখাঙত হিতাধিকাৰী পৰিচয় পত্ৰ বিতৰণ কৰা হয় ৷ টিংখাং ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 ৰ অধীনত টিংখাং বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত নতুনকৈ ছপা হোৱা পৰিয়াল পৰিচয় পত্ৰসমূহ বিতৰণ কৰা হয় ।
এই কাৰ্যসূচী টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰাই শুভাৰম্ভ কৰে ৷ ৰাজগড়স্থিত জিলা পৰিষদৰ ভৱনত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক যোগানন্দ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত এই পত্ৰসমূহ বিতৰণ কৰা হয় ৷