অসম

assam

ETV Bharat / state

ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ

জঘন্য ধৰ্ষণ-হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে টিংখাং । চাৰিদিনেও হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ টিংখাং আৰক্ষী । ঘটনাৰ চিবিআই তদন্তৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ ।

By

Published : Jan 16, 2021, 8:19 PM IST

Tingkhong Rape Murder Case
ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ

টিংখাং,16 জানুৱাৰী : ভোগালী উৰুকাৰ দিনাই টিংখাঙত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনা । দানৱৰূপী মানৱৰ নৃশংসতাৰ বলি হ’বলগীয়া হৈছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী মহিলা । ছাত্ৰীগৰাকীৰ মৃতদেহ উলংগ অৱস্থাত পথাৰৰ মাজত উদ্ধাৰ হোৱাৰ বিপৰীতে বৰমাকৰ মৃতদেহ ঘৰৰ ভিতৰতে শুই থকা অৱস্থাত উদ্ধাৰ হয় ৷ কোনো দুৰ্বৃত্তই কুঠাৰ মাৰি নৃশংসভাৱে হত্যা কৰে ছাত্ৰীগৰাকীৰ বৰমাকক ।

ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 1 নং নগাবাটত সংঘটিত হৈছিল এই ঘটনা । কিন্তু ঘটনা সংঘটিত হোৱাৰ 72 ঘণ্টাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হত্যাকাৰীক । এই হত্যাকাণ্ডই বৰ্তমান সমগ্ৰ টিংখাঙত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে । চিবিআই তদন্তৰ জড়িয়তে হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু ফাঁচী দিয়াৰ দাবীত শনিবাৰে টিংখাঙৰ ৰাজপথ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আদিবাসী সুৰক্ষা সমিতিৰ সহস্ৰাধিক লোকে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷ প্ৰতিবাদকাৰীসকলে ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পথ প্ৰতিবাদী সমদল বাহিৰ কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ ব্যৱস্থা নকৰিলে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details