অসম

assam

ETV Bharat / state

চৰকাৰী ডাকবাংলা নে ভূতবাংলা ?

টিংখাঙত ভূতবাংলাত পৰিণত এটা চৰকাৰী ডাকবাংলা ৷ বছৰ-বছৰ ধৰি মেৰামতিৰ অভাৱত এফালৰ পৰা জহি-খহি যাবলৈ ধৰিছে চৰকাৰী গৃহটো। গড়কাপ্তানী বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই ভূতবাংলালৈ পৰিণত হৈছে বাংলাটো ৷

চৰকাৰী ডাকবাংলা নে ভূতবাংলা ?

By

Published : Aug 11, 2019, 2:48 PM IST

টিংখাং,11আগষ্টঃ ডিব্ৰুগড়ৰ টিংখাঙৰ মাজমজিয়াত অৱস্থিত এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানী বিভাগৰ অতিথিশালা এতিয়া পৰিণত হৈছে ভূতবাংলাত । বছৰ-বছৰ ধৰি মেৰামতিৰ অভাৱত এফালৰ পৰা জহি-খহি যাবলৈ ধৰিছে চৰকাৰী গৃহটো। গৃহটোত অতিথি থাকিবৰ বাবে নাই নুন্যতম সা-সুবিধা। ইপিনে এফালৰ পৰা ভাঙিবলৈ ধৰিছে বাংলাটোৰ খিৰিকী আৰু আচবাবসমূহ । লগতে চপৰা-চপৰে এৰিছে বাংলাটোৰ চিলিংসমূহ । বৰষুণ দিলেই বিনা বাধাই পানী সোমাই গৃহটোৰ ভিতৰত। যাৰবাবে অতিথি কোঠাৰ আচবাবসমূহ এতিয়া বাহিৰত উলিয়াই থ'বলগীয়া হৈছে।

চৰকাৰী ডাকবাংলা নে ভূতবাংলা ?

আনহাতে বিদ্যুতৰ মাচুল আদায় নিদিয়াৰ বাবে দীৰ্ঘদিন ধৰি বাংলাটোৰ বিদ্যুত যোগান বন্ধ কৰি ৰাখিছে শক্তি বিভাগে। উল্লেখ্য যে বৃহত্তৰ টিংখাং সমষ্টিৰ ভিতৰতে একমাত্ৰ চৰকাৰী অতিথিশালাটোৱে এতিয়া এনে জৰাজীৰ্ণ ৰূপ লাভ কৰাত বিভাগটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টিংখাঙৰ সচেতন ৰাইজ তথা বিভিন্ন দল-সংগঠন। যাৰবাবে এতিয়া অঞ্চলবাসী ৰাইজে অতিশীঘ্ৰে চৰকাৰী বাংলাটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ গড়কাপ্তানী বিভাগ তথা স্থানীয় বিধায়ক বিমল বড়াক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details