টিংখাং, 3 অক্টোবৰঃশুকুৰবাৰে টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ ৰাজগড়স্থিত টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ডিব্ৰুগড় জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ৷ কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
আনহাতে, SI কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে এই কেলেংকাৰীৰে জড়িত সকলো ব্যক্তিকে কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে টিংখাঙৰ ৰাজগড়ত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷