টিংখাং, ৯ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰী চাঞ্চল্য অব্যাহত থকাৰ মাজতে ডিব্ৰুগড়ৰ টিংখাঙত সচেতন নাগৰিক মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । SI পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে । লগতে বিধায়ক বিমল বড়াক তদন্তৰ আওঁতালৈ অনাৰ দাবী জনায় । টিংখাঙৰ ৰাজগড়ত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, 'কা' বিৰোধী ঐক্য মঞ্চ, যুৱ কংগ্ৰেছ আৰু চি পি আই এম (এল)ৰ নেতা-কৰ্মীয়ে ।
SI পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত টিংখাঙত প্ৰতিবাদ - পৰীক্ষাৰ কেলেংকাৰি
আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত ডিব্ৰুগড়ৰ টিংখাঙত সচেতন নাগৰিক মঞ্চৰ বিক্ষোভ প্ৰদৰ্শন । বিধায়ক বিমল বড়াক তদন্তৰ আওঁতালৈ অনাৰ দাবী প্ৰতিবাদকাৰীৰ ।
সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ৰাহুল সুত বংশীয়ে আঁত ধৰা ধৰ্মঘট কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মধুৰাম গগৈ, টিংখাঙৰ 'কা' বিৰোধী ঐক্য মঞ্চৰ সভাপতি যাদৱ গগৈ, আ ন পা ৰ কেন্দ্ৰীয় সম্পাদক বলদেৱ তেলী, চি পি আই এম (এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপণ বকলীয়ালে অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীৰ দাবী সম্পৰ্কত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে । নবগঠিত সাম্প্ৰদায়িকতাবাদ, স্বৈৰাচাৰী আৰু দুৰ্নীতি বিৰোধী সচেতন নাগৰিক মঞ্চই আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।
লগতে পঢ়ক:গুৱাহাটীৰ ভায়লিনাৰ গীতত দেখা যাব শত্ৰুঘ্ন সিন্হা আৰু সোনাক্ষী সিন্হাক