ডিব্ৰুগড়, 9 আগষ্টঃ স্বাধীনতা দিৱসৰ পূৰ্বে টিংখাঙত আৰক্ষীৰ ব্যাপক তালাচী অভিযান । দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷
টিংখাঙত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ অভিযান - আৰক্ষীৰ অভিযান
স্বাধীনতা দিৱসৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান । গ্ৰেপ্তাৰ হৈছে ইজনৰ পাচত সিজনকৈ আলফা স্বাধীনৰ সদস্য । সমান্তৰালভাৱে জিলাখনৰ টিংখাঙতো আৰক্ষীয়ে গঢ়ি তুলিছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা ।
স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন । স্বাধীনতা দিৱসৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান । গ্ৰেপ্তাৰ হৈছে ইজনৰ পাচত সিজনকৈ আলফা স্বাধীনৰ সদস্য । সমান্তৰালভাৱে জিলাখনৰ টিংখাঙতো আৰক্ষীয়ে গঢ়ি তুলিছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা । স্বাধীনতা দিৱসৰ পূৰ্বে অঞ্চলটোত উগ্ৰপন্থী সংগঠনৰ কূটাঘাতৰ আশংকাত আৰক্ষীয়ে দিনে-নিশাই তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান । টিংখাঙৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ৰ ভাড়াঘৰ সমূহত তন্ন-তন্নকৈ তালাচী চলাইছে ৰাজগড় আৰক্ষীয়ে । প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে আৰক্ষীয়ে । দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচী চলায় থকা দেখা হৈছে । লগতে তেলৰ পাইপ লাইন সমূহতো যাতে কোনেও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে আৰক্ষীয়ে ।