অসম

assam

ETV Bharat / state

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বগদাত চাৰিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে ।

By

Published : Jan 24, 2020, 8:55 AM IST

Updated : Jan 24, 2020, 1:42 PM IST

tingkhong Police and blackpenther Checking vehicle at Tingkhong
71 তম গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

টিংখাং, 24 জানুৱাৰী :গণতন্ত্ৰ দিৱসলৈ মাজত মাঁথো এটা দিন বাকী । 71 তম গণতন্ত্ৰ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । কোনো উগ্ৰপন্থী সংগঠনে যাতে কূটাঘা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে টিংখাং আৰক্ষী । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বগদাত চাৰিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে ।

তন্ন-তন্নকৈ প্ৰতিখন দুচকীয়া-চাৰিচকীয়া যান-বাহন পৰীক্ষা কৰিছে আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে । উল্লেখ্য যে, চৰাইদেউ জিলাৰ সাপেখাতিত চাৰিদিন পূৰ্বে সংঘটিত হৈছিল বোমা বিস্ফোৰণ । লগতে বিগত সময়ছোৱাত সীমামূৰীয়া অঞ্চলটোত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ পৰিলক্ষিত হৈ আহিছে । যাৰ ফলত গণৰাজ্য দিৱসৰ পূৰ্বে উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।

71 তম গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

আৰু পঢ়ক :টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক

Last Updated : Jan 24, 2020, 1:42 PM IST

ABOUT THE AUTHOR

...view details