টিংখাং, 18 জানুৱাৰীঃটিংখাঙত অব্যাহত আছে "CAA" বিৰোধী আন্দোলন । চহৰৰ পৰা গাঁৱে গাঁৱে সম্প্ৰসাৰিত হৈছে আন্দোলনৰ ধাৰা । শনিবাৰে টিংখাঙৰ বৃহত্তৰ বাঘমৰাবাসী ৰাইজে গ্ৰহণ কৰে এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী। বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও নামঘৰৰ ৰাইজ সমবেত হৈ পৰম্পৰাগত সাজেৰে বাঘমৰা বৰ নামঘৰৰ প্ৰাংগণত ডবা-কাঁহ, ঢোল-পেপা, আয়তীৰ উৰুলিৰে "CAA" বিৰোধী প্ৰতিবাদী সমদল উলিয়াই ।
টিংখাঙত নামঘৰ প্ৰাংগনৰ পৰা ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ - টিংখাঙত ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ
সমদলত বাঘমৰা বৰনামঘৰ, বাঘমৰা মাজুখেল নামঘৰ, বাঘমৰা সৰুখেল নামঘৰ আৰু খনিকৰ গাঁৱৰ নামঘৰৰ ভকত সকলৰ লগতে আয়তীসকলেও "CAA" বিৰোধী শ্লোগানেৰে সমগ্ৰ টিংখাং কপাই তোলে ৷
![টিংখাঙত নামঘৰ প্ৰাংগনৰ পৰা ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ টিংখাঙত ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5752624-thumbnail-3x2-ll.jpg)
টিংখাঙত ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ
টিংখাঙত ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ
এই সমদলত বাঘমৰা বৰনামঘৰ, বাঘমৰা মাজুখেল নামঘৰ, বাঘমৰা সৰুখেল নামঘৰ আৰু খনিকৰ গাঁৱৰ নামঘৰৰ ভকত সকলৰ লগতে আয়তীসকলেও "CAA" বিৰোধী শ্লোগানেৰে সমগ্ৰ টিংখাং কপাই তোলে ৷ লগতে "CAA"বাতিল নোহোৱা পৰ্য্যন্ত এই সকল লোকে আন্দোলন অব্যাহত ৰাখিব বুলি সকিয়াই দিয়ে ৷
লগতে পঢ়কঃ শীঘ্ৰেই ভাৰতে লাভ কৰিব S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ