টিংখাং,12 জুলাইঃকৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত টিংখাঙৰ লেঙেৰীত ৰাইজে নামঘৰত প্ৰাৰ্থনা আৰু ভাগৱত পাঠ কৰিছে।
অখিল, ধৈৰ্য আৰু বিতুৰ আশুআৰোগ্য কামনাৰে ৰাইজৰ প্ৰাৰ্থনা - টিংখাঙৰ লেঙেৰী
টিংখাঙৰ লেঙেৰীত সংগ্ৰামী নেতা অখিল গগৈ সহিত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত নামঘৰত প্ৰাৰ্থনাৰ লগতে ভাগৱত পাঠ কৰে ৰাইজে ৷
![অখিল, ধৈৰ্য আৰু বিতুৰ আশুআৰোগ্য কামনাৰে ৰাইজৰ প্ৰাৰ্থনা tingkhong-people-prayer-for-akhil-gogoi-and-other-fighters](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7992521-thumbnail-3x2-a.jpg)
নামঘৰত প্ৰাৰ্থনা আৰু ভাগৱত পাঠ ৰাইজৰ
অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ বাবে নামঘৰত প্ৰাৰ্থনা আৰু ভাগৱত পাঠ ৰাইজৰ
লেঙেৰী আঞ্চলিক প্ৰগতিশীল নাৰী সন্থা আৰু ন-চাউদাং গাঁৱৰ ৰাইজে নিশা কৃষক নেতা গৰাকীৰ আশু আৰোগ্য আৰু মুক্তিৰ কামনাৰে সৰ্বানন্দ সোণোৱালৰ সুমতি কামনা কৰি গাঁৱৰ নামঘৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে ভাগৱত পাঠ কৰে ৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুমতি কামনা কৰাৰ উপৰিও কা-বিৰোধী আন্দোলনৰ নেতাসকলক যথোচিত চিকিৎসা প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাই গাঁওখনৰ ৰাইজে ।
লগতে পঢ়কঃমাৰ্ঘেৰিটাত বানে বুৰালে কেইবাখনো গাঁও