অসম

assam

ETV Bharat / state

টিংখাঙৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী..... - Tingkhong Debaru Majhi family condition poor

সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই এটা চৰকাৰী আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা ।

দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন পাৰ কৰা এটা পৰিয়াল
দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন পাৰ কৰা এটা পৰিয়াল

By

Published : Feb 2, 2020, 12:20 PM IST

টিংখং, 2 জানুৱাৰীঃ চৰকাৰৰ বহুমুখী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টিংখঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ জিয়া কাহিনী । উৰুখা পজাত দুৰ্বীসহ জীৱন সংগ্ৰাম চাৰিজনীয়া সদস্যৰ । সাম্প্ৰতিক সময়ৰ অতি যন্ত্ৰনা-কাতৰ দুৰ্বীসহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ১১৯ নং টিংখং সমষ্টিৰ কেন্দুগুৰী গাওঁ পঞ্চায়তৰ চোৰাতনিবাম গাঁৱৰ দেবাৰু মাঝীৰ চাৰিজনীয়া সদস্যৰ এই পৰিয়ালটোৱে । সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই এটা চৰকাৰী আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা । পৰিয়ালটোৰ মুৰব্বীজন অন্ধ হোৱাৰ বিপৰীতে এগৰাকী কন্যাও বিশেষভাৱে সক্ষম হোৱাত একমাত্ৰ ১৬ বছৰীয়া পুত্ৰই উপাৰ্জনৰ মূল সম্বল । জনপ্ৰতিনিধিৰ চকু নপৰা এই পৰিয়ালটোৰ মৰ্মবেদনা বুজিব কোনে ? নে এনকেকৈয়ে দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজতেই শেষ হৈ যাব পৰিয়ালটোৰ ভৱিষ্যৎ ৷

দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন পাৰ কৰা এটা পৰিয়াল

ABOUT THE AUTHOR

...view details