অসম

assam

By

Published : Feb 21, 2021, 1:26 PM IST

ETV Bharat / state

২৮ বছৰে প্ৰাদেশিকীকৰণ নোহোৱা এখন বিদ্যালয়

শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙৰ অন্তৰ্গত জয়পুৰ শিক্ষাখণ্ডৰ কদমণি উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক সভা ৷ ন্যায়ৰ আশাত পণবন্দী অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক তথা বিভিন্ন দল-সংগঠনৰ সদস্যসকলে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগক পুনৰবাৰ এনেধৰণৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ আওঁতালৈ অনাৰ পুনৰ বিবেচনা কৰাৰ বাবে শিক্ষামন্ত্ৰীক অনুৰোধ জনায় ৷

২৮টা বছৰে প্ৰাদেশিকৰণ নহ’ল টিংখাঙৰ কদমণি উচ্চ ইংৰাজী বিদ্যালয়
২৮টা বছৰে প্ৰাদেশিকৰণ নহ’ল টিংখাঙৰ কদমণি উচ্চ ইংৰাজী বিদ্যালয়

টিংখাং, 21 ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত জয়পুৰ শিক্ষাখণ্ডৰ কদমণি উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ মাজত কান্দোনৰ ৰোল ৷ কিয়নো বিগত 28 বছৰে প্ৰাদেশিকীৰণ নহ’ল টিংখাঙৰ কদমণি উচ্চ ইংৰাজী বিদ্যালয় ৷ ১৯৯৩ চনতেই স্থাপন হোৱা বিদ্যালয়খন সদ্য ঘোষিত প্ৰাদেশিকীকৰণৰ তালিকাত বিদ্যালয়খন নাম বাদ পৰি ৰৈছে ৷ বিনা বেতনেৰে বিগত ২৮ টা বছৰে শিক্ষকতা কৰি আহিও শিক্ষকতাৰ মৰ্যদাৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে এতিয়া এইসকল শিক্ষক ৷

২৮ বছৰে প্ৰাদেশিকীকৰণ নোহোৱা এখন বিদ্যালয়

শনিবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক সভাত ন্যায়ৰ আশাত পণবন্দী অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ এই শিক্ষকসকলে সংবাদ মাধ্যমৰ আগত আবেগেৰে নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰে ৷ বিদ্যালয়ৰ এই সভাত উপস্থিত থাকে অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গিৰীণ চেতিয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভবেন সোণোৱাল, আটছা ধমন শালমাৰী উপ শাখাৰ মুখ্য উপদেষ্টা গোবিন্দ বৈষ্ণৱ, টিংখাং আঞ্চলিকৰ প্ৰাক্তন আছু বিষয়-ববীয়াসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ ৰাইজ ৷ এই সভাত উপস্থিত থাকি দল-সংগঠনৰ সদস্যসকলে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগক পুনৰবাৰ এনেধৰণৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ আওঁতাত অনাৰ পুনৰ বিবেচনা কৰাৰ বাবে শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে ।

লগতে পঢ়কঃবিজেপিক উৎখাতৰ বাবে ৰাইজৰ দলৰ জন্ম: কমল কুমাৰ মেধি

ABOUT THE AUTHOR

...view details