প্ৰাক্তন আলফা সদস্যৰ শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ লাভ - পুৰস্কাৰ
টিংখাঙৰ নলনী-কপহুৱা নামৰ এখন ভিতৰুৱা গাঁৱৰ দুৰ্লভ গগৈ নামৰ প্ৰাক্তন আলফা সদস্য জনে নিজা প্ৰচেষ্টাৰে নিমাৰ্ণ কৰি উলিওৱা কলঘৰৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰে শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ
টিংখাং, 5 আগষ্টঃ টিংখাঙৰ নলনী-কপহুৱা নামৰ এখন ভিতৰুৱা গাঁৱৰ দুৰ্লভ গগৈ নামৰ এজন ব্যক্তিয়ে আজুৰি আনিলে ৰাষ্ট্ৰীয় সন্মান ৷ এসময়ত তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল,কিন্তু যিখন হাতেৰে এদিন তেওঁ বন্দুক তুলি বিদ্ৰোহী হৈ পৰিছিল,আজি সেইখন হাতেৰেই দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আজুৰি আনিবলৈ সক্ষম হ'ল ৰাষ্ট্ৰীয় পুৰষ্কাৰ ৷ ব্যক্তিজনে 2011 চনতে মাত্ৰ একলাখ টকা ঋণ লৈ কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ সম্পূৰ্ণ নিজা চিন্তা-চৰ্চাৰে নিমাৰ্ণ কৰিছে এটা কলঘৰ যাৰ সহায়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে একক নাইবা সমবায় ভিত্তিত গ্ৰীণ টি , অৰ্থডক্স বা ব্লেক টিৰ দৰে উন্নত মানৰ চাহ প্ৰস্তুত কৰিব পাৰে ৷ দুৰ্লভ গগৈক এই উদ্ভাৱনৰ বাবেই National Innovation Foundation- India চমুকৈ NIFয়ে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে,অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগলৈকে বৰ্ত্তমানলৈ প্ৰায় এশটা ক্ষুদ্ৰ কলঘৰ বিক্ৰী হৈছে ব্যক্তিজনে জানিবলৈ দিছে ৷