টিংখাং,9 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আন্দোলন কৰা সকলে এটাও যদি বাংলাদেশী অহাৰ তথ্য দিব পাৰে বিধায়ক পদত্যাগ কৰিব টিংখাঙৰ বিধায়ক বিমল বৰাই ৷ লগতে দলে টিকট দিলেও আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো বুলি মন্তব্য টিংখাঙৰ বিধায়ক বিমল বৰাৰ । শনিবাৰে টিংখাঙৰ বিভিন্ন স্থানত অসম দৰ্শন আঁচনিৰ অধিনত নিৰ্মাণ হ’ব লগা আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা একাধিক আঁচনি কামৰ শুভাৰম্ভ আৰু শুভ উদ্বোধন কৰি ৰাইজৰ আগত এই মন্তব্য কৰে টিংখাঙৰ বিধায়ক বিমল বৰাই ।
তদুপৰি অখিল গগৈক তীব্ৰ সমালোচনা কৰি বিধায়ক বিমল বৰাই কয় যে,কাজিৰঙাত অবৈধ বাংলাদেশী উচ্ছেদৰ সময়ত অখিল গগৈয়ে অবৈধ বাংলাদেশী ৰক্ষাৰ স্বাৰ্থত বাধা প্ৰদান কৰিছিল । ইপিনে আগন্তুক সময়ত অসমৰ ৪০খন বিধানসভাৰ আসনত অবৈধ বাংলাদেশীৰ ভোটাৰে অসমৰ ভাগ্য নিৰ্ণয় কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক বিমল বৰাই । লগতে বৰাই কয়,সেই অবৈধ বাংলাদেশীৰ ভোট লৈ অখিল গগৈয়ে নিৰ্বাচন খেলিব ।