টিংখাং, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে জ্বলিছে ক্ষোভৰ জুই ৷ তাৰ মাজতে চৰ্চা লাভ কৰিছে শাসকীয় দলৰ এগৰাকী বিধায়কৰ এটা ফেচবুক পোষ্টে ৷ জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা টিংখাংৰ বিজেপি বিধায়ক বিমল বৰাৰ ৷
বিধায়ক বিমল বৰাৰ পদত্যাগৰ হুংকাৰ - বিমল বৰাৰ ফেচবুক পোষ্ট বাতৰি
জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা টিংখাংৰ বিজেপি বিধায়ক বিমল বৰাৰ ৷ জাতিৰ স্বাৰ্থত প্ৰয়োজন হ’লে বিধায়ক পদ ত্যাগ কৰিম বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷
বিধায়ক বিমল বৰাৰ পদত্যাগৰ হুংকাৰ
উল্লেখ্য যে, উক্ত ফেচবুক পোষ্টটোৰ জৰিয়তে বিধায়ক বিমল বৰাই "কেব গৃহীত হোৱাৰ পিছৰ তাৰিখৰ পৰা এক কোটি আশী লাখ বাদেই নতুনকৈ এটাও যদি হিন্দু বাংলাদেশী টিংখাং সমষ্টিলৈ আহে, মই জাতিৰ স্বাৰ্থত বিধায়কৰ পদ ত্যাগ কৰিম বুলি কথা দিলো" বুলি ব্যক্ত কৰে ৷ বিজেপি বিধায়কগৰাকীৰ পদত্যাগৰ এই হুংকাৰে সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা ৷