অসম

assam

ETV Bharat / state

অৰুণাচলত অসমৰ শ্ৰমিকক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

অৰুণাচলত অসমৰ শ্ৰমিকক কাম কৰিবলৈ নি আৱদ্ধ কৰি মাৰপিট কৰা অভিযোগ পৰিয়ালৰ । এই ঘটনাক লৈ যোগাযোগ বিচ্ছিন্ন পৰিয়ালত হাহাকাৰ ৷ আঠগৰাকী শ্ৰমিকৰ পৰিয়ালে টিংখাং আৰক্ষীক অৱগত কৰি শ্ৰমিককেইজনক নিৰাপদে উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিছে ৷

By

Published : Aug 24, 2019, 11:25 AM IST

অৰুণাচলত অসমৰ শ্ৰমিকক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ,পৰিয়ালৰ হাহাকাৰ

টিংখাঙ,24 আগষ্টঃ অৰুণাচলত অসমৰ শ্ৰমিকক কাম কৰিবলৈ নি মালিকপক্ষই আৱদ্ধ কৰি মাৰপিট কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ শ্ৰমিককেইজনৰ পৰিয়ালে চৰম নিৰাপত্তাহীনতাত ভুগিছে ৷ জানিব পৰামতে,নাহৰকটীয়াৰ নাহৰণি অঞ্চলৰ চাংমাই উপাধিৰ এজন লোকে টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত এক নম্বৰ সাপকাঁইট গাঁৱৰ কানিয়া ৰাজোৱাৰ,ৰেংটু গড়,বাবু গোৱালা,বিকান মাঝী,বিনোদ বৰাইক,অজয় গড়,মনোজ গড় আৰু আনন্দ শৰ্মা নামৰ আঠগৰাকী শ্ৰমিকক ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলত কাম কৰিবলৈ লৈ যায় ৷ কিন্তু দুই মাহ পূৰ্বে কাম কৰাবলৈ নিয়া শ্ৰমিকৰ দলটোৱে পৰিয়ালৰ লোকক ম'বাইল যোগে অৰুণাচল প্ৰদেশৰ আলং নামৰ ঠাই এডোখৰৰ পোলুং নামৰ এখন চাহ বাগিচাত বলপূৰ্বকভাৱে আৱদ্ধ কৰি কাম কৰাই থকা বুলি জানিবলৈ দিয়ে ৷ শ্ৰমিকৰ দলটোৰ পৰা বাগিচাখনৰ মালিকপক্ষই ম'বাইল,নগদ টকা কাঢ়ি লোৱাত শ্ৰমিক কেইজনে অন্য লোকৰ মবাইল যোগে পৰিয়ালক অৱগত কৰাত পৰিয়ালকেইটাৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰাপ্ত অভিযোগ মতে শ্ৰমিক কেইজনক চাংমাই উপাধিৰ লোকজনে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অৰুণাচলী লোকৰ হাতত গতাই দিয়াৰ বাবে অৰুণাচলত আৱদ্ধ কৰি ৰাখিছে । যাৰ বাবে শ্ৰমিক কেইজনে ঘৰলৈ আহিবলৈ বিচাৰিলেই মাৰপিট কৰি হত্যাৰ ভাবুকি দিয়া বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । এই সন্দৰ্ভত শ্ৰমিককেইজনৰ পৰিয়ালে টিংখাং আৰক্ষীক অৱগত কৰি শ্ৰমিককেইজনক নিৰাপদে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷

অৰুণাচলত অসমৰ শ্ৰমিকক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details