টিংখাঙ,3আগষ্টঃ অসমত উজনিৰ পৰা নামনিলৈ বানৰ তাণ্ডৱ চলাৰ পাচতেই এতিয়া কৃষি বতৰত কৃষক ৰাইজে শাওনৰ পথাৰত ৰচিছে সপোন । সমান্তৰালকৈ ডিব্ৰুগড়ৰ টিংখাঙৰ কৃষক সকলো ব্যস্ত হৈ পৰিছে পথাৰত৷ টিংখাঙৰ শ্ৰী পুৰীয়া গাঁৱৰ কৃষিজীৱী ৰাইজে পৰম্পৰাগত ভাৱে হাঁউৰি পদ্ধতিৰে কৃষি কাৰ্য সমাপন কৰি আহিছে । শনিবাৰে গাঁওখনৰ কৃষক গনেশ গগৈৰ পথাৰত পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যেৰে হাঁউৰি ব্যৱস্থাৰে ন- ভূঁই ৰুৱা হয়। শাওনৰ পথাৰত গৰু-ম'হৰ হালৰ শেষ পৰশ দিয়াৰ লগতে ৰোৱনী সকল কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।
টিংখাঙত হাঁউৰি উৎসৱ পালন - ডিব্ৰুগড়
টিংখাঙত আনন্দ -উল্লাসৰ মাজেৰে হাঁউৰি উৎসৱ পালন । সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে অসমৰ প্ৰাচীন হাঁউৰি উৎসৱৰ। কিন্তু তাৰ বিপৰীতে টিংখাঙৰ এখন পথাৰত দেখা গ'ল হাঁউৰি উপলক্ষে বিশেষ ব্যস্ততা।
কি এই হাঁউৰি উৎসৱ ?
কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱৰ সমূহৰ ভিতৰত অন্যতম হ'ল হাঁউৰি উৎসৱ । নিয়ম অনুসৰি যিঘৰে ভূঁই ৰোৱা বা হাউৰি আৰম্ভ কৰিব সেই গৃহস্থই গাঁৱৰ গৰুহাল আৰু ৰোৱনীসকলক উক্ত দিনাৰ বাবে আগতীয়াকৈ নিমন্ত্ৰণ জনাই থয় । সেইমতে গৃহস্থৰ ঘৰত গাঁৱৰ মানুহে সমূহীয়াকৈ সহায় কৰি দিয়ে । গাওঁখনৰ লোকসকলে সেই নিদিষ্ট দিনটোত সেই ঘৰ লোকৰ খেতি পথাৰত হাল বাই, কঠীয়া পেলাই দি লগতে ৰোৱনী সকলেও ভূঁই ৰুই একেদিনাই খেতি শেষ কৰি সহায় কৰি দিয়ে । পথাৰত গৃহস্থই সাধ্য অনুযায়ী এমুঠি জলপানৰ ব্যৱস্থা কৰে আৰু পথাৰৰ আলিত বহি সকলোৱে আনন্দ মনেৰে খায় । গৃহস্থই প্ৰথমে সাত বা পাঁচ গুচি কঠিয়া ৰোৱাটো নিয়ম । ভূঁই ৰোৱা বা হাঁউৰি উৎসৱে অতীতৰে পৰা অসমৰ গাঁও সমূহত ঐক্য,শান্তি, ভাতৃত্ববোধ সৃষ্টি কৰি আহিছে । আধুনিকতাৰ ধামখুমীয়াত গ্ৰাম্য সমাজৰ পৰা হাঁউৰি পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানেও কিছু কিছু অঞ্চলত এই পৰম্পৰা অব্যাহত আছে ।