অসম

assam

ETV Bharat / state

বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জমাধন ঘূৰাই নিদিয়াৰ অভিযোগ - বিত্তীয় প্ৰতিষ্ঠান

দুই-তিনিমাহ উকলি যোৱাৰ পাচতো সাময়িক জমা ধন ঘূৰাই নোপোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিষ্ঠানটোৰ অন্তৰ্গত প্ৰায় আঠ শতাধিক গ্ৰাহকৰ মাজত ।

Tingkhong Finances Company bad situation
অসম বহুমূখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে জমাধন ঘূৰাই নিদিয়াৰ অভিযোগ

By

Published : Jul 31, 2020, 3:11 PM IST

টিংখাং, 31 জুলাই : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ লেঙেৰীস্থিত অসম বহুমূখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গ্ৰাহকৰ জমাধন ঘূৰাই নিদিয়াৰ অভিযোগ । 2015 চনৰ পৰা গ্ৰাম্য অঞ্চলটোত প্ৰতিষ্ঠা লাভ কৰা বিত্তীয় প্ৰতিষ্ঠানটোত অঞ্চলটোৰ প্ৰায় সংখ্যক দোকানী-ব্যৱসায়ীকে ধৰি প্ৰায় 800 গ্ৰাহকে দৈনিক সামৰ্থ অনুযায়ী ধন জমা কৰি থৈছিল । কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোৱে দিন উকলি যোৱাৰ পাচতো ঘূৰাই দিব পৰা নাই গ্ৰাহকৰ সাময়িক ধন ।

অসম বহুমূখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে জমাধন ঘূৰাই নিদিয়াৰ অভিযোগ

দুই-তিনিমাহ উকলি যোৱাৰ পাচতো সাময়িক জমা ধন ঘূৰাই নোপোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিষ্ঠানটোৰ অন্তৰ্গত প্ৰায় আঠ শতাধিক গ্ৰাহকৰ মাজত । ইফালে দীৰ্ঘদিন ধৰি চলা লক ডাউনৰ ফলত চৰম লোকচানৰ সন্মুখীন হোৱা লেঙেৰী অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ সঞ্চিত ধন ঘূৰাই নোপোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকসকলে কেইবাবাৰো বিত্তীয় প্ৰতিষ্ঠানটোৰ ওচৰত লিখিত আৱেদন দিয়াৰ পাচতো কোনো সুদূত্তৰ লাভ কৰা নাই । এই ক্ষেত্ৰত প্ৰৱন্ধক নিবাৰণ গগৈৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ হৈ পৰিছে বঞ্চিত গ্ৰাহকসকল ।

লগতে পঢ়ক : ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'লেই স্তিমিত নহয় কৰ'ণাৰ সংক্ৰমণ : ডঃ হাফিজ ৰফিকুল ইছলাম

ABOUT THE AUTHOR

...view details