টিংখাং,5ছেপ্তেম্বৰঃ ৰাজ্যত আকৌ উলাইছে ভুৱা চিকিৎসক । এইবাৰ টিংখাঙত আৰক্ষীৰ জালত পৰিল মুন্নাভাই ৰূপী ভুৱা চিকিৎসক । টিংখাং আৰক্ষীয়ে শুকুবাৰে নিশা টিংখাঙ চাহ বাগিচাত কৰ্মৰত পংকজ কুমাৰ নাথ নামৰ ভুৱা চিকিৎসক জনক বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ জালত ভুৱা চিকিৎসক - স্বয়ম্ভূ চিকিৎসক
ভুৱা প্ৰমাণপত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাত চিকিৎসা কৰি আহিছিল পংকজ কুমাৰ নাথে ৷ অৱশেষত আৰক্ষীৰ জালত পৰি ফাদিল হ’ল ভুৱা চিকিৎসকৰ কৰ্মকাণ্ড ৷ ৰঙা ঘৰৰ আলহী হ’ল স্বয়ম্ভূ চিকিৎসক পংকজ কুমাৰ নাথ ৷
উল্লেখযোগ্য যে, জালিয়াতিৰে চিকিৎসকৰ ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি 2018 চনত টিংখাং চাহ বাগিচাত যোগদান কৰি সহজ-সৰল চাহ বাগিচাৰ লোকসকলৰ জীৱনৰ সৈতে হেতালি খেলি আহিছিল পংকজ কুমাৰ নাথে । স্বয়ম্ভূ চিকিৎসক জনৰ ঘৰ শোণিতপুৰ জিলাৰ গহপুৰ থালিপুখুৰী গাঁৱত বুলি জানিব পৰা গৈছে । টিংখাং আৰক্ষীয়ে ইতিমধ্যে ভুৱা চিকিৎসক জনৰ পৰা ভুৱা প্ৰমাণপত্ৰ, উকা প্ৰমানপত্ৰ , ছিল আদি জব্দ কৰিছে।
আনহাতে এই ভুৱা চিকিৎসকজনে অচ্যুত হাজৰিকা , ঋষভ হাজৰিকা , উদ্যম হাজৰিকা , পংকজ হাজৰিকা আদি বিভিন্ন ছদ্ম নাম লৈ উজনি অসমৰ বহু কেইখন চাহ বাগিছাত চিকিৎসা কৰি আহিছিল । উল্লেখযোগ্য যে, ধৃত চিকিৎসকজন ইয়াৰ পূৰ্বেও খুমটাই চাহ বাগিছাত চিকিৎসক হিচাপে কৰ্মৰত অৱস্থাত ২০১৬ চনত গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ গৰু-ম'হৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় ধুবুৰী আৰক্ষী