টিংখাং, 30 অক্টোবৰ: টিংখাঙত আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এটা ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰিছে এখন বিলাসী বাহনো । অৰুণাচল প্ৰদেশৰ কানুৱাৰীৰ পৰা চৰাইদেউ জিলাৰ সাপেখাটী হৈ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথেৰে টিংখাঙত প্ৰৱেশ কৰি চিলাপথাৰৰ অভিমুখে আহি থকা অৱস্থাত এ আৰ 22- 0075 নম্বৰৰ ড্ৰাষ্টাৰ বাহনখন টিংখাঙৰ বগাদাত চাৰিআলি সমীপত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে ।
টিংখাঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক সৰবৰাহকাৰী
টিংখাঙত আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এটা ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰিছে এখন বিলাসী বাহনো।
টিংখাঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক সৰবৰাহকাৰী
আৰক্ষীৰ তালাচীত বাহন খনত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ লগতে আৰক্ষীয়ে আটক কৰিছে বাহনখনৰ চালক ধ্ৰুৱ গুৰুঙক । আনহাতে মাইকেল বসুমতাৰী নামৰ আন এজন লোকে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলাই যায়। আটকাধীন লোক কেইজনৰ ঘৰ চিলাপথাৰত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: বাক্সাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ