অসম

assam

By

Published : Jun 18, 2020, 8:26 PM IST

ETV Bharat / state

টিংখাঙৰ ডিৰাই চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ

ডিৰাই চাহ বাগিচাত ৭ মহীয়া এজনী নাহৰফুটুকী বাঘ মৃত অৱস্থা উদ্ধাৰ হয় ।বন বিভাগৰ লোক উপস্হিত হৈ মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰে নাহৰফুটুকী বাঘৰ পোৱালিটো ।

টিংখাঙৰ ডিৰাই  চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ
টিংখাঙৰ ডিৰাই চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ

টিংখাং,১৮ জুনঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ডিৰাই চাহ বাগিচাত বৃহস্পতিবাৰে মৃত অৱস্থাত এটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয় । বন বিভাগৰ সূত্ৰে জানিব পৰা মতে ডিৰাই চাহবাগিচাত আঘাতপ্ৰাপ্ত হৈ মৃত অৱস্থাত পৰি থকা প্ৰায়৭মহীয়া নাহৰফুটুকী বাঘৰ পোৱালিজনী বাগিচা কৰ্মচাৰীয়ে দেখা পায় বন বিভাগক খবৰ দিয়ে ।

টিংখাঙৰ ডিৰাই চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ

ইপিনে খোৱাং আঞ্চলিক বন বিভাগৰ এটা দল গৈ মৃত বাঘিনীজনী উদ্ধাৰ কৰে । বিভাগে মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘিনীজনী খোৱাং আঞ্চলিক বন বিভাগৰ কাৰ্যালৰ সমীপতে সৎকাৰ কৰে । বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে আন বাঘৰ সৈতে যুঁ‌জ লাগি আঘাতপ্ৰাপ্ত হৈ বাঘিনীজনী মৃত্যু হৈছে। এয়া এক স্বাভাৱিক মৃত্যু বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে ।

টিংখাঙৰ ডিৰাই চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ

লগতে চাওকঃ চীনৰ বিৰুদ্ধে মহানগৰীত ভাৰত ৰক্ষা মঞ্চৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details