টিংখাং, 11 আগষ্ট : এটা পথক কেন্দ্ৰ কৰি সোমবাৰে চিপিআই(এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ নেতা বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ দাবীত টিংখাঙৰ ৰাজগড়ত কেইবাখনো গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ পিছতে সোমবাৰে সন্ধিয়া অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল চিপিআই(এম এল) নেতা বলিন্দ্ৰ শইকীয়াক । ৰাজগড় আৰক্ষীয়ে চিপিআই(এম এল) নেতা বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰে । আজি শইকীয়াক টিংখাং আৰক্ষীয়ে জিলা আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে।
বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ, টিংখাঙত উত্তাল প্ৰতিবাদ - ৰাজগড় আৰক্ষী চকী
'কা'ৰ বিৰুদ্ধে সক্ৰিয় ভুমিকা গ্ৰহণ কৰি অহা বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিপিআই(এম এল) , কৃষক মহাসভা শতাধিক লোকে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদী সমদল কৰি ৰাজগড় আৰক্ষী চকী ঘেৰাও কৰি বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নেতাগৰাকীক শীঘ্ৰেই মুক্তি দিয়াৰ বাবে দাবী জনায়।
![বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ, টিংখাঙত উত্তাল প্ৰতিবাদ Tingkhong CPIML leader arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8377963-thumbnail-3x2-tingkhong.jpg)
বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ, টিংখাঙত উত্তাল প্ৰতিবাদ
বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ, টিংখাঙত উত্তাল প্ৰতিবাদ
'কা'ৰ বিৰুদ্ধে সক্ৰিয় ভুমুকি গ্ৰহণ কৰি অহা বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিপিআই(এম এল) , কৃষক মহাসভা শতাধিক লোকে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদী সমদল কৰি ৰাজগড় আৰক্ষী চকী ঘেৰাও কৰি বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নেতাগৰাকীক শীঘ্ৰেই মুক্তি দিয়াৰ বাবে দাবী জনায়।
লগতে পঢ়ক : মৃত পত্নীক ব্যতিক্ৰম ধৰণে জীৱন্ত কৰিলে স্বামীয়ে