ডিব্ৰুগড়, ১২জুন: মৰাণৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তৃপক্ষৰ চৰম গাফিলতি । ক'ভিড মুক্ত বুলি কোৱাৰেণ্টাইন চেণ্টাৰৰ পঠাই দিয়া লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ফলত এনে লোকৰ সংস্পৰ্শলৈ অহা বহু লোক হ'ব লগা হৈছে হোম কোৱাৰেণ্টাইন। এইসকল ভুক্তভোগীৰ মাজত আছে গৰ্ভৱতী মহিলাও।
উল্লেখ্য যে,টিংখাঙৰ লেঙেৰীৰ দুজন,ধমনৰ এজন,চাৰেংপথাৰ এজন,৩নং গেৰেকনিৰ এজনকে ধৰি মুঠ পাঁচজনক মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল লাভ নকৰাকৈয়ে ঘৰলৈ যাবৰ বাবে অনুমতি দিয়াৰ পিছত এই আটাই কেইগৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ টিংখাঙত ৷ আতংকিত হৈ পৰিছে সমগ্ৰ টিংখংবাসী। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ যাব দিয়া এইসকলৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি থকা বুলি কৈ দুই তিনিদিনৰ অন্তত পুনৰ চিকিৎসাললৈ নি ভৰ্তি কৰায়। স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ এই আজৱ কাণ্ডৰ পাছতে টিংখাঙৰ অধিক সংখ্যই এতিয়া আতংকিত হৈ নিজ নিজ ঘৰতে ব্যৱস্থা কৰিছে হোম কোৱাৰেণ্টাইনৰ। বহুকেইটা অঞ্চল পৰ্যবেশিত হৈছে কণ্টেইনমেণ্ট জ'নলৈ ।