টিংখাং, 26 অক্টোবৰ : টিংখাং কংগ্ৰেছত গৃহ কণ্ডল । টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটোৱা মুণ্ডাৰ বিৰুদ্ধে ক্ষোভিত কংগ্ৰেছ দলৰে নেতা কৰ্মী । 2021ৰ বিধান সভা নিৰ্বাচনৰ বাবে টিংখাঙৰ ৰাইজে এজন নতুন মুখৰ প্ৰাৰ্থী বিচাৰিছে । টিংখাঙত এটোৱা মুণ্ডাৰ গণ ভিত্তি নোহোৱা হৈছে, তদুপৰি বিজেপিক প্ৰতিহত কৰিবলৈ টিংখাঙত এটোৱা মুণ্ডাৰ বিকল্প লাগিব বুলি মন্তব্য কৰে স্বয়ং কংগ্ৰেছ দলৰে নেতা কৰ্মীয়ে । একাংশ দলীয় নেতা কৰ্মীয়ে ভাগে ভাগে সংবাদ মেল আয়োজন কৰি এটোৱা মুণ্ডাৰ লগতে টিংখাং ব্লক কংগ্ৰেছ কমিটীৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰে ৷
সংবাদমেল পাতি টিংখাং যুৱ কংগ্ৰেছৰ উপ-সভাপতি, সম্পাদকৰ পদত্যাগ - একনায়কত্ববাদ
শেহতীয়াকৈ টিংখাঙৰ কংগ্ৰেছ দলৰ মাজত সৃষ্টি হৈছে গৃহ কণ্ডলৰ ৷ এটোৱা মুণ্ডাৰ বিকল্প বিছাৰিছে স্বয়ং কংগ্ৰেছ দলৰে নেতা কৰ্মীয়ে । যুৱ কংগ্ৰেছৰ উপসভাপতি, সম্পাদককে ধৰি একাধিক বিষয়ববীয়াৰ পদত্যাগ ৷
টিংখাং কংগ্ৰেছত গৃহ কণ্ডল, যুৱ কংগ্ৰেছৰ উপসভাপতি, সম্পাদকৰ পদত্যাগ
আনহাতে টিংখাং বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰঞ্জন শইকীয়াই এটোৱা মুণ্ডাৰ পদলেহন কৰি একনায়কত্ববাদ চলোৱাৰ অভিযোগ কৰি যুৱ কংগ্ৰেছৰ উপসভাপতি, সম্পাদককে ধৰি একাধিক বিষয়বৱীয়াৰ সৈতে পদত্যাগ কৰে ৷
লগতে পঢ়ক:নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য