অসম

assam

ETV Bharat / state

টিংখাঙত "কা"ৰ বিৰুদ্ধে টিংখঙীয়াৰ গৰ্জন - টিংখাঙত "কা"ৰ বিৰুদ্ধে টিংখঙীয়াৰ গৰ্জন

টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৩০ জনগোষ্ঠীয় সংগঠন, টিংখাঙৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ সহযোগত টিংখঙীয়াৰ গৰ্জন শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে আছুৰ সম্পাদক লুৰীণ জ্যোতি গগৈ ৷

Tingkhong CAA protest
টিংখাঙত "কা"ৰ বিৰুদ্ধে টিংখঙীয়াৰ গৰ্জন

By

Published : Feb 19, 2020, 6:28 PM IST

টিংখাং,18 ফেব্ৰুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত টিংখাঙত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৩০ জনগোষ্ঠীয় সংগঠন, টিংখাঙৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ সহযোগত ‘টিংখঙীয়াৰ গৰ্জন’ শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে আছুৰ সম্পাদক লুৰীণ জ্যোতি গগৈ ৷ সভাত ভাষণ প্ৰদান কৰি আছুৰ সম্পাদক গৰাকীয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে অসমত ধাৰাবাহিক আন্দেলন গঢ়ি তোলা হ’ব ৷ অসমৰ জনতা কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে জীয়াই নাথাকে । শ্বহীদৰ ত্যাগক কোনো কাৰণতে অথলে যাবলৈ দিয়া নহ’ব ৷ লগতে শাসনাধীন চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিত ভোল নাযাবলৈ লোকসকলক আহ্বান জনায় আছুৰ সম্পাদক গৰাকীয়ে ৷

টিংখাঙত "কা"ৰ বিৰুদ্ধে টিংখঙীয়াৰ গৰ্জন

উল্লেখ্য যে, টিংখাঙৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰি নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে আইনী যুঁজৰ বাবে আছুৰ সম্পাদক গৰাকীৰ হাতত 88,200 টকা অৰ্পন কৰে ৷

লগতে পঢ়ক-বৰকোলা জলাহত বেদখল ! কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details