অসম

assam

ETV Bharat / state

এভাৰেষ্টৰ দৰে পৰ্বতসম বাধা আহিলেও অতিক্ৰম কৰি আগুৱাই যাব লাগিবঃ লুৰিণজ্যোতি

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত টিংখাঙৰ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পালন জনতাৰ ৰুদ্ৰকণ্ঠ শীৰ্ষক কাৰ্যসূচী ৷ মঙলবাৰে টিংখাঙৰ লেঙেৰী জৰিগুৰীস্থিত ৰূপজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী । এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

Tingkhong CAA Protest by AASU
নাগৰিকত্ব সংশোধনী আইন ২০১৯

By

Published : Feb 11, 2020, 7:59 PM IST

টিংখাং,11 ফেব্ৰুৱাৰীঃটিংখাঙৰ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লেঙেৰী আৰু টিংখাঙবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত পালন জনতাৰ ৰুদ্ৰকণ্ঠ শীৰ্ষক কাৰ্যসূচী ৷ মঙলবাৰে টিংখাঙৰ লেঙেৰী জৰিগুৰীস্থিত ৰূপজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী । এই কাৰ্যসূচীত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ জনসভাখনত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ উপস্থিতি প্ৰত্যক্ষ কৰি অসমীয়া জাতিসত্তাৰ আত্মা গাঁৱত জীয়াই আছে বুলি উল্লেখ কৰে ৷

টিংখাঙত ৰুদ্ৰকণ্ঠ

আনহাতে,টিংখাঙৰ অন্তৰ্গত বৃহত্তৰ লেঙেৰীবাসী ৰাইজে প্ৰায় ১০০ কুইণ্টল চাউল আছুলৈ উপহাৰ হিচাপে প্ৰদান কৰে ৷ অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় জন-গাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিতৰ্কিত আইনখন বাতিলৰ দাবীত চলি থকা আইনী যুঁজত আৰ্থিক সহযোগিতা হিচাপে এই উপহাৰ প্ৰদান কৰা হয় ৷

লগতে চাওকঃখাদ্য নলীৰ জটিল ৰোগত আক্ৰান্ত টিয়কৰ এটি কণমানি

ABOUT THE AUTHOR

...view details