টিংখং,12 এপ্ৰিল: অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৷ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ বিহুক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াই কঁকালত টঙালি বান্ধি দুগুণ আগ্ৰহেৰে প্ৰস্তুতি অব্যাহত ৰাখিছে । বিহুলৈ মাত্ৰ আৰু দুটা দিন বাকী ৷ বিহুৰ এই প্ৰাকক্ষণত টিংখাঙৰ ৰাজগড়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু টিংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ট্ৰিবেণী মণ্ডল সংগঠনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷
সংগঠনটোৰ উদ্যোগত ৰাজগড়ত বিহু উপলক্ষে এখন বহাগী মেলাৰ আয়োজন কৰে । দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত 14 টা মহিলা আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰে ৷ বহাগী মেলাত মহিলা গোটৰ দ্বাৰা প্ৰস্তুত কৰা পিঠাপনাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী, নিজে তৈয়াৰ কৰা থলুৱা সাজপাৰ আদি সুলভ মূল্যত বিক্ৰী কৰা হয় ।