অসম

assam

By

Published : Mar 9, 2021, 4:05 PM IST

ETV Bharat / state

এতোৱা মুণ্ডা বনাম বিমল বৰা

টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰীযুৰীয়া আই থানত আশীষ ল’লে কংগ্ৰেছ প্ৰাৰ্থী এতোৱা মুণ্ডা আৰু বিজেপি প্ৰাৰ্থী বিমল বৰাই ৷

এতোৱা মুণ্ডা বনাম বিমল বৰা
এতোৱা মুণ্ডা বনাম বিমল বৰা

টিংখাং,9 মাৰ্চঃকাৰ শিৰত আশীষ পৰিব টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰীযুৰীয়া আই থানৰ । টিংখাঙৰ দুই প্ৰতিদ্বন্দ্বীয়ে পৃথকে পৃথকে মাৰ আশীষ গ্ৰহণ কৰি নামি পৰিছে নিৰ্বাচনী ৰণত । লোক বিশ্বাস অনুসৰি টিংখাং ৰাজগড়ৰ এই আই থানত সেৱা আগবঢ়ালে মনোকামনা পূৰণ হয় । সেই বিশ্বাসকে বুকুত সাবটি টিংখাঙৰ দুই প্ৰতিদ্বন্দ্বী ক্ৰমে কংগ্ৰেছৰ প্ৰাৰ্থী এতোৱা মুণ্ডা আৰু বিজেপি প্ৰাৰ্থী বিমল বৰাই আঁঠু লৈ আশীৰ্বাদ বিচাৰিলে যুৰীয়া মাৰ ।

কংগ্ৰেছৰ পৰা দলীয় টিকট লাভ কৰিয়েই গুৱাহাটীৰ পৰা পোনে পোনে আহি সোমবাৰে টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰীশ্ৰীযুৰীয়া আই থানত টিলিঙা বজাই, আঁঠু লৈ মনৰ কামনা পূৰণ হ’বলৈ পূজাৰীৰ পৰা আশীষ বিচাৰে এতোৱা মুণ্ডাই ।

এতোৱা মুণ্ডা বনাম বিমল বৰা

আনহাতে, এই ঐতিহাসিক থানৰ আশীষ ল’লে দ্বিতীয়বাৰলৈ ১১৯নং টিংখাং বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰা বিমল বৰাই । মঙলবাৰে পত্নীসহ বৰাই ৰাজগড়স্থিত শ্ৰীশ্ৰীযুৰীয়া আই থানত আঁঠু লৈ যুৰীয়া মাক সেৱা আগবঢ়াই আশীৰ্বাদ বিচাৰে । এই থানত সেৱা আগবঢ়াই প্ৰবল আত্মবিশ্বাসী বিমল বৰাই যুৰীয়া মাৰ আশীৰ্বাদত পুনৰ আগন্তুক পাঁচ বছৰৰ বাবে টিংখাং সমষ্টিৰ ৰাইজৰ হকে সেৱা আগবঢ়াবলৈ আশীষ লাভ কৰিব বুলি প্ৰকাশ কৰে ৷

এতোৱা মুণ্ডা বনাম বিমল বৰা

লগতে পঢ়কঃমাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details