টিংখাঙত হৃদয়বিদাৰক ঘটনা : স্বামীৰ গাড়ীৰ চেপাত থিতাতে নিহত পত্নী - নতুনকৈ ক্ৰয় কৰা আই 20 গাড়ী ঘৰ সোমোৱাবলৈ পদুলিমুখৰ জপনা খুলিবলৈ যাওতে সংঘটিত হল এই দুৰ্ঘটনা
নতুনকৈ ক্ৰয় কৰা আই-20 গাড়ী ঘৰ সোমোৱাবলৈ পদুলিমুখৰ জপনা খুলিবলৈ যাওতে সংঘটিত হ'ল এই দুৰ্ঘটনা ৷

টিংখাঙ,18 অক্টোবৰ: বাপতিসাহোন কাতি বিহুৰ দিনটোতে ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ ভালুকমাৰাত সংঘটিত হ'ল এক হৃদয় বিদাৰক দুৰ্ঘটনা ৷ স্বামীয়ে নতুনকৈ ক্ৰয় কৰি অনা আই টুৱেন্টি গাড়ীৰ চেপাত প্ৰাণ গ'ল ৰুমী হাজৰিকা নামৰ এগৰাকী মহিলাৰ ৷ স্বামী দিপক হাজৰিকাৰ নিজা গৃহৰ পদূলিত সংঘটিত হয় এই হৃদয়বিদাৰক দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি শুকুৰবাৰে ভালুকমৰা গাঁৱৰ নিৱাসী দিপক হাজৰিকাই নিজ পত্নী ৰুমী হাজৰিকা সহিতে নতুনকৈ ক্ৰয় কৰা আই টুৱেন্টি গাড়ীৰে নামৰূপস্থিত নিজা খুৰায়েকৰ ঘৰলৈ যায় ৷ তাৰ পৰা নিশা নিজ ঘৰলৈ উভতি আহি উপস্থিত হওতেই ৰুমী হাজৰিকাই গাড়ী সোমোৱাবলৈ বুলি পদূলিমুখৰ জপনা খুলিবলৈ লওতেই চালকৰ আসনত থকা স্বামী দিপক হাজৰিকাই হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ৰুমীক মহতিয়াই নিয়ে যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুৰ্ভগীয়া ৰুমী হাজৰিকাৰ ৷ দুৰ্ঘটনাৰ পাছত পতিৰ সহযোগত স্থানীয় ৰাইজে ৰুমীক তাৎক্ষণিকভাৱে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ এই ঘটনাৰ পাছত বৃহত্তৰ ৰাজগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷