অসম

assam

অধিৱেশনস্থলীৰ পৰাই চৰকাৰলৈ সকীয়নি আছু নেতৃত্বৰ

দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনৰ মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কেইগৰাকীৰ লগতে অন্যান্য দল সংগঠনৰ মুৰব্বী, সাহিত্যিক, শিক্ষাবিদ আদি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

By

Published : Nov 9, 2019, 7:16 PM IST

Published : Nov 9, 2019, 7:16 PM IST

টিঙখাঙৰ ডিব্ৰুগড় জিলা আছু অধিৱেশনস্থলীৰ পৰাই চৰকাৰক সকিয়নী সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰীণজ্যোতি গগৈৰ

টিংখাং, 9 নৱেম্বৰঃ টিঙখাঙৰ ডিব্ৰুগড় জিলা আছু অধিৱেশনস্থলীৰ পৰাই চৰকাৰক সকীয়নি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য় উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য তথা সম্পাদক লুৰীণজ্যোতি গগৈৰ ৷ নদীবান্ধ, নাগৰিকত্ব সংশোধনী বিধেয়ক, মধ্যাহ্ন ভোজন, শিক্ষা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ তেখেত কয় যে, আছুৰ মজিয়াত থাকি আন্দোলন কৰোঁতে যিবোৰ কথা কৈছিল এতিয়া ৰজাৰ ঘৰত থাকি সেইবোৰ কাৰ্যত ৰূপায়িত কৰি দেখুৱাব লাগে । এতিয়া ৰাইজৰ মনত বিশ্বাস ভংগ হৈছে আৰু এই মন ভগা কথাটো যদি ক্ষোভলৈ পৰিণত হয় তেতিয়া কোনেও নিস্তাৰ নাপাব ।

ডিব্ৰুগড় জিলা আছু অধিৱেশনত সমুজ্বল কুমাৰ ভট্টাচাৰ্য

আনহাতে, আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়েও চৰকাৰৰ ভূমিকাত ক্ষুদ্ধ হৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাসমূহ সমাধান কৰি দিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপনৰ দাবী উত্থাপন কৰি নিপকুক অন্য কোম্পানীৰ লগত চামিল কৰাটো কোনো কাৰণতে গ্ৰহণ নকৰে বুলি মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনৰ মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কেইগৰাকীৰ লগতে অন্যান্য দল সংগঠনৰ মুৰব্বী, সাহিত্যিক, শিক্ষাবিদ আদি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details