টিংখাং 5 নৱেম্বৰ : ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অধিনৰ টিংখাঙৰ ৰাজগড় ২ নং চকলীয়া প্ৰাথমিক বিদ্যালয়খনত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত চলি আছে পাঠদান । বিদ্যালয়খনত ৫০ জন ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে আছে দুজন স্থায়ী শিক্ষক ৷ এই বিদ্যালয়খন ২০১৩ চনত হৈছিল প্ৰাদেশীকিকৰণ । কিন্তু প্ৰাদেশীকিকৰণৰ সাতটা বছৰ উকলি যোৱাৰ পাচতো বিদ্যালয়খনে চৰকাৰৰ পৰা লাভ নকৰিলে বিদ্যালয় গৃহৰ অনুদান । বিদ্যালয় খনৰ শিক্ষকে নিজৰ দৰমহাৰ খৰচ কৰি নিৰ্মাণ কৰি লৈছিল এই বিদ্যালয় গৃহটো । বৰ্তমান জৰাজীৰ্ণ ৰূপ লোৱা দুটা কোঠালিৰ গৃহটোতে চলে পাঁচটা শ্ৰেণীৰ পাঠদান। বাঁহৰ ভগাবেৰাৰ মাজত এক অবিদ্যায়তনিক পৰিৱেশত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া ছাত্ৰসকলে ।
জৰাজীৰ্ণ অৱস্থাত পাঠদান টিংখাঙৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত - জৰাজীৰ্ণ অৱস্থাত পাঠদান টিংখাঙৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত
শিক্ষা বিভাগৰ উন্নয়নৰ নমুনা । টিংখাঙত জৰাজীৰ্ণ বিদ্যালয়ত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে কণ-কণ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষকে নিজৰ দৰমহাৰ ধনেৰে সাজি ল'বলগীয়া হয় বিদ্যালয় গৃহ । কাণসাৰ নাই মন্ত্ৰী কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।
জৰাজীৰ্ণ অৱস্থাত পাঠদান টিংখাঙৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত
উল্লেখ্য যে পূৰ্বে সামান্য বতাহতে দুবাৰকৈ বিদ্যালয় গৃহটো ভাঙি পৰিছিল। সৌভাগ্যক্ৰমে আহত হোৱাৰ পৰা ৰক্ষা পৰিছিল কণ-কণ ছাত্ৰ-ছাত্ৰীসকল। গতিকে বিদ্যালয় গৃহটোৱে যিকোনো মুহূৰ্ততে বিপদ মাতিব পাৰে কণমানি ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ প্ৰতি। যাৰবাবে বৰ্তমান আতংকত দিন কটাইছে শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলে ৷
লগতে চাওকঃটাৱাঙৰ ভাৰত-চীন সীমান্তত তীব্ৰ তুষাৰপাত