টিংখাং, 29 জানুৱাৰীঃটিংখাঙত সংবাদমেল সম্বোধন কৰি মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নী ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ ৷ এক ফেব্ৰুৱাৰীত এক লক্ষাধিক মহিলা সমবেত হৈ মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে ল'ব শেষ সিদ্বান্ত ৷ এই সিদ্বান্তৰ পাচত গাঁৱৰ মহিলাৰ পৰা ঋণৰ ধন সংগ্ৰহ কৰিবলৈ গ'লে ভয়ংকৰ পৰিৱেশৰ মুখামুখি হ'ব লাগিব হুংকাৰ প্ৰদান সচেতন মহিলা মঞ্চৰ ৷ সভানেত্ৰী অনুপমা ফুকন, সম্পাদিকা মিতালী বৰুৱাসহ অন্য বিষয়ববীয়া সকলকে ধৰি, মাইক্ৰ ফাইনেঞ্চৰ কবলত পৰি সৰ্বস্বান্ত হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকীও ভুক্তভোগী মহিলাৰ উপস্থিতিত টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত কৰা হয় সংবাদমেলখন ৷
টিংখাঙত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সংবাদমেল - টিংখাঙত সংবাদমেল
টিংখাঙত এক সংবাদমেলযোগে মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চই ৷ সংবাদমেলত উপস্থিত থাকে সভানেত্ৰী অনুপমা ফুকন, সম্পাদিকা মিতালী বৰুৱাকে ধৰি কেইবাগৰাকীও ভুক্তভোগী মহিলা ৷
সচেতন মহিলা মঞ্চ