অসম

assam

ETV Bharat / state

নতুন ৰাজনৈতিক দল কৰিব বিচৰাটো এটা ডাঙৰ ভুৱা সপোন

ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা আৰু অখিল গগৈসহ সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাঙত অস্তিত্ব ৰক্ষাৰ শেষ ৰণ কাৰ্যসূচী ৷

Tingkhang KMSS Protest
টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

By

Published : Feb 23, 2020, 11:16 PM IST

টিংখাং,23 ফেব্ৰুৱাৰী:টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ ৷ ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা আৰু অখিল গগৈসহ সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাঙৰ ঔগুৰী মজলীয়া বিদ্যালয় খেলপথাৰত দেওবাৰে অস্তিত্ব ৰক্ষাৰ শেষ ৰণ নামেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

যেতিয়ালৈ 'কা' বাতিল নহয় তেতিয়ালৈকে এই জাতি ৰক্ষাৰ আন্দোলন ক্ষান্ত নহয় । হিন্দু বাংলাদেশী আনি অসমৰ জাতি ৰক্ষা কৰিব নালাগে । জাতিৰ নায়ক নহয় জাতিটোৰ এক নম্বৰ শত্ৰু সৰ্বানন্দ সোনোৱাল । ২০২১ৰ নিৰ্বাচনৰ পাছতে অতুল বৰা, কেশৱ মহন্তৰ দৰে জাতিদ্ৰোহী মানুহক অসমৰ পৰা খেদি পথোৱা হ'ব । এই মন্তব্য কা বিৰোধী আন্দোলনৰ অগ্ৰণী ভূমিকা পালন কৰা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ ।

টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

আনহাতে, বৰ্তমান বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ সন্দৰ্ভতো মন্তব্য কৰি আঠ মাহত নতুন ৰাজনৈতিক দল গঠন কৰাটো সম্ভৱ নহয় । গতিকে নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ বিচৰাটো এটা ডাঙৰ ভুৱা সপোন বুলি গুৰুত্বপূৰ্ণ মন্তব্য সদৰি কৰে মনজিৎ মহন্তই ৷

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত উত্তাল কোকৰাঝাৰ

ABOUT THE AUTHOR

...view details