অসম

assam

ETV Bharat / state

'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা - টিংখাঙৰ দুই নং

'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা ৷ টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ বিনয় বৰা নামৰ ব্যক্তিজনে 2018 চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি ব্যস্ত হৈ পৰিছে 'মৌ' পালনত ৷

'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ এজন ব্যক্তি

By

Published : Sep 1, 2019, 9:14 AM IST

টিংখাং, 1 চেপ্তেম্বৰঃ 'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা ৷ টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ বিনয় বৰা নামৰ ব্যক্তিজনে 2018 চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি ব্যস্ত হৈ পৰিছে 'মৌ' পালনত ৷ বৰ্তমান বিনয় বৰাই ঘৰৰ চাৰিওফালে 12 টা মৌ-বাহ স্থাপন কৰি মৌ পালন কৰি আছে ৷ উল্লেখযোগ্য যে, কিছুদিন আগৰলৈকে তেওঁ ৪৮ টা মৌ বাহত মৌ পালন কৰি আহিছিল যদিও বৰ্তমান কেইবা বাহো মৌ জাক পলাই যায় ৷ মৌ ৰস উৎপাদন কৰা বিনয় বৰাই মৌ ৰস সংগ্ৰহ কৰি প্ৰতি লিটাৰ ৪০০ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ৷ এনেদৰে বছৰি তেখেতে পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকা অকল মৌ পালনৰ পৰাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ এজন ব্যক্তি
ইফালে শিল্পৰ কৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষাৰ অবিহনে কঠোৰ অধ্যৱসায় আৰু একাণপটীয়া নেৰা নেপেৰা প্ৰচেষ্টাৰে পেলনীয়া বাঁহ, কাঠৰ, টুকুৰাৰে বিভিন্ন ঘৰুৱা সামগ্ৰী নিৰ্মাণৰ কামতো আন্তৰিকতাৰে মনোনিৱেশ কৰে বিনয় বৰাই ৷ তেওঁৰ হাততে আকৰ্ষণীয়ৰূপে প্ৰাণ পাই উঠা ঘৰুৱা সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন সামগ্ৰীয়ে দিনক দিনে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details