অসম

assam

By

Published : Sep 19, 2020, 10:03 AM IST

ETV Bharat / state

পৰিৱৰ্তনৰ ঢৌৱে চুব পৰা নাই দুৰ্ভগীয়া টেম্পুক

টিংখাঙৰ টেম্পু গোৱালা নামৰ লোকজনে এতিয়াও চৰকাৰী বাসগৃহৰ পৰা বঞ্চিত হৈ আছে ৷ এটি ভগা জুপুৰিত দুৰ্বিসহ জীৱন কটাইছে টেম্পুৱে ৷

Tingkhang Dilapidated house story
পৰিৱৰ্তনৰ ঢৌৱে চুব পৰা নাই দুৰ্ভগীয়া টেম্পুক

টিংখাং, 19 ছেপ্তেম্বৰ: ডিব্ৰুগড়ৰ টিংখাঙৰ এটা জৰাজীৰ্ণ বাসগৃহ ৷ স্বাধীনতাৰ 71 বছৰ পাচতো এই জৰাজীৰ্ণ ঘৰটোৱে দাঙি ধৰিছে গ্ৰাম্য উন্নয়নৰ এখন ফোঁপোলা ছবি ।

টিংখাঙৰ পিঠাগুটি গাঁও পঞ্চায়তৰ অধীনৰ 8 নং ৱাৰ্ডৰ বি ব্লক গাঁৱৰ এটি ভগা জুপুৰিত দুৰ্বিসহ জীৱন কটাইছে টেম্পু গোৱালা নামৰ এজন লোকে । দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা টেম্পু গোৱালাৰ নাই গৃহ নিৰ্মাণৰ বাবে ধন । জহি-খহি গৈছে বাঁহৰ বেৰবোৰ ।

পৰিৱৰ্তনৰ ঢৌৱে চুব পৰা নাই দুৰ্ভগীয়া টেম্পুক

টেম্পুৰ দুৰাৱস্থাৰ কথা পিঠাগুটি পঞ্চায়তক অৱগত কৰাৰ পাচতো আজিলৈকে দৰিদ্ৰ লোকজনে লাভ নকৰিলে এটা চৰকাৰী বাসগৃহ । উল্লেখ্য যে, টেম্পুৰ দৰে পিঠাগুটি গাঁও পঞ্চায়তৰ অধীনস্থ প্ৰায়বোৰ বাসিন্দাই লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা । সাধাৰণ মৌলিক অধিকাৰসমূহৰ পৰাও বঞ্চিত হৈ আহিছে এই দুৰ্ভগীয়া পৰিয়ালসমূহে ।

লগতে পঢ়ক:গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপঃ আতংকিত গঞা

ABOUT THE AUTHOR

...view details