টিংখাং,6 নৱেম্বৰ:টিংখাঙত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম অধিবেশনৰ প্ৰস্তুতি ।সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উনবিংশতিতম সাধাৰণ অধিবেশনখন বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হ'ব । ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাজগড়বাসী ৰাইজৰ সহযোগত শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব লগা অধিবেশনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে উদযাপন সমিতিয়ে । ইতিমধ্যে শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সাজি উলিওৱা হৈছে বিশাল মণ্ডপ। খেলপথাৰৰ চাৰিওফালে থাকিব গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী । অধিবেশনত প্ৰদৰ্শন কৰা হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান,বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা,জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্য।
টিংখাঙত আছুৰ অধিবেশনৰ প্ৰস্তুতি - সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম অধিবেশনৰ 7 নৱেম্বৰৰ পৰা টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হ'ব ৷ বৰ্তমান আছু কৰ্মীৰ লগতে ৰাজগড়বাসী ৰাইজে চলাই আছে ব্যাপক প্ৰস্তুতি
টিংখাঙত আছুৰ অধিবেশনৰ প্ৰস্তুতি