অসম

assam

ETV Bharat / state

টিংখাঙৰ চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী হৃদৰোগত আক্ৰান্ত কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড

টিংখাঙত দৰিদ্ৰতাৰ বাবে পৰিয়ালে চিকিৎসা কৰিব পৰা নাই হৃদৰোগত আক্ৰান্ত এগৰাকী কণমানিকjৰ ৷ চিকিৎসা কৰিবলৈ অসমৰ্থ দৰিদ্ৰ পৰিয়ালৰ ওচৰত থাকিও কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷

Tingkhang a little girl heart patient
হৃদৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড

By

Published : Feb 5, 2020, 12:25 PM IST

টিংখাং,5 ফেব্ৰুৱাৰী: টিংখাঙৰ হৃদ ৰোগত আক্ৰান্ত এগৰাকী কণমানি ছাত্ৰী । ছাত্ৰীগৰাকীৰ নাম বিষ্ণুপ্ৰীয়া ৰবীদাস । দৰিদ্ৰ পৰিয়ালে কৰিব পৰা নাই হৃদ ৰোগত আক্ৰান্ত বিষ্ণুপ্ৰীয়াৰ চিকিৎসা ৷ বিপদৰ সময়ত কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷

টিংখাঙৰ চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী হৃদৰোগত আক্ৰান্ত কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড
টিংখাঙৰ লাটুমণি গাঁৱৰ বাবা ৰবীদাস আৰু পঞ্চমী ৰবীদাসৰ কন্য তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিষ্ণুপ্ৰীয়া ৰবীদাস সৰুৰে পৰাই আক্ৰান্ত হৈ আছে হৃদ ৰোগত ৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও আৰ্থিক দিনতাত ভোগা পৰিয়ালটো এতিয়া উপায়হীন । গুৰুত্বপূৰ্ণ যে পৰিয়ালটোৰ লগত অটল অমৃত যোজনাৰ কাৰ্ড থাকিও ব্যৱহাৰ কৰিব পৰা নাই । বৰ্তমান বিপদৰ সময়ত কোনো কামত নাহে বিজেপি চৰকাৰৰ অটল অমৃত যোজনাৰ কাৰ্ড ৷ অটল অমৃত যোজনাৰ দ্বাৰা বিজেপি চৰকাৰে 5 টা দুৰাৰোগ্য বেমাৰৰ বাবে চিকিৎসাৰ বাবে দৰিদ্ৰ জনসাধাৰণক 2 লাখ টকা বীমা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বৰ্তমান বিষ্ণুপ্ৰীয়া পৰিয়ালৰ এনে সংকটৰ সময়ত কোনো কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷ কন্যাক জিয়াই ৰখাৰ স্বাৰ্থত এতিয়া স্বাস্থ্য মন্ত্ৰী , স্থানীয় বিধায়ক বিমল বড়া আৰু হৃদয়বান লোকৰ ওপৰতে শেষ ভৰসা দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

ABOUT THE AUTHOR

...view details