অসম

assam

ETV Bharat / state

টিংখাঙত বাঘৰ ত্ৰাস - টিংখাঙত বাঘৰ ত্ৰাস

বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

টিংখাঙত বাঘৰ ত্ৰাস

By

Published : Sep 29, 2019, 5:17 PM IST

টিংখাং, 29 ছেপ্টেম্বৰঃ দেওবাৰে পুৱা টিংখাঙৰ বৰবাম পঞ্চায়তৰ অন্তৰ্গত কুমাৰচুকত বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত যুৱকজন বৰপথাৰ গাঁৱৰ ৰমেশ বাউৰী বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত যুৱকজন চিকিৎসাধীন অৱস্থাত আছে৷

টিংখাঙত বাঘৰ ত্ৰাস

ইয়াৰোপৰিও, বাঘৰ আক্ৰমণত গাঁও খনৰ দুটাকৈ পশুধন নিহত হয় ৷ এই ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলত বাঘৰ আতংকই বিৰাজ কৰিছে ৷ ইপিনে খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বন বিভাগৰ লোকৰ লগতে বৰবাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা চলাই যদিও বাঘটোৱে পলায়ন কৰে ৷ সম্প্ৰতি বন বিভাগৰ লোকে অঞ্চলটোত পিঞ্জৰা স্থাপনৰ ব্যৱস্থা কৰিছে ৷

ABOUT THE AUTHOR

...view details