অসম

assam

ETV Bharat / state

খোৱাঙত বন ৰজাৰ সন্ত্ৰাস

ডিব্ৰুগড়ৰ মৰাণৰ খোৱাং আৰক্ষী থানাৰ অন্তর্গত তথা খোৱাং বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাত বাঘৰ সন্ত্ৰাস ৷ কিছুদিনৰ পৰাই দিন দুপৰতে বাঘে সন্ত্ৰাস চলাই প্ৰতিদিনে গৰু, ছাগলি খাই ৰাইজৰ ক্ষতিসাধন কৰি আহিছে ৷ কিন্তু বন বিভাগ গভীৰ নিদ্ৰাত বুলি ৰাইজৰ অভিযোগ ৷

খোৱাঙত বন ৰজাৰ সন্ত্ৰাস
খোৱাঙত বন ৰজাৰ সন্ত্ৰাস

By

Published : Mar 21, 2020, 7:53 PM IST

ডিব্ৰুগড়, ২১ মাৰ্চ: বাঘৰ আতংকত প্ৰতিনিশাই উজাগৰে কটাবলগীয়া হৈছে গ্ৰাম্যাঞ্চলৰ একাংশ পৰিয়ালে । নিশাটোৰ ভিতৰত ক্ৰমান্বয়ে নিধন হৈছে পশুধন । এই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ খোৱাং আৰক্ষী থানাৰ অন্তর্গত তথা খোৱাং বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন মইনা গাঁও, কোঁৱৰ গাঁও, আহোম গাঁও, দলনিকুৰ, চেচুঘাট গাঁৱৰ এক বৃহত্তৰ এলেকাত ৷ কিছুদিনৰ পৰাই এই অঞ্চলসমূহত বাঘে সন্ত্ৰাস চলাই প্ৰতিদিনে গৰু, ছাগলি খাই ৰাইজৰ ক্ষতিসাধন কৰি আহিছে । ৰাইজে জানিবলৈ দিয়া মতে, দিন দুপৰতে বাঘে গৰু ছাগলী ধৰি নিয়ে । কিন্তু এই কথা অৱগত হৈয়ো খোৱাং আঞ্চলিক বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।

খোৱাঙত বন ৰজাৰ সন্ত্ৰাস

কৃষি আৰু পশুপালনেৰে কোনোমতে পৰিয়ালৰ পোহপালন দিয়া গাঁওবাসীয়ে অসহায় হৈ বাঘটো আৱদ্ধ কৰাৰ ব্যৱস্থা হাতত ল’বলৈ বন বিভাগক দাবী জনায় ৷

লগতে পঢ়ক:কৰ'ণাৰ বাবে নগাঁৱত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details