মৰাণ, 7 ডিচেম্বৰ : চাবুৱাৰ ৰহমৰীয়া মৌজাৰ অন্তৰ্গত খাগৰি মাইজানত বাঘৰ সন্ত্ৰাসত আতংকিত স্থানীয় ৰাইজ(Tiger terror at Chabua) । খাগৰি মাইজানত বাঘৰ আক্ৰমণত ইতিমধ্যে গুৰুতৰভাবে আহত হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী(Tiger attack at Rohmoria) ৷
উল্লেখ্য যে,চাহ বাগিচাৰ কাম কৰি থকা আত্মীয়ক চাহ জলপান দিবলৈ যাওঁতেই বাঘে আক্ৰমণ কৰিছিল ছাত্ৰী গৰাকীক(Tiger attacked a student at Chabua) । কিন্তু ছাত্ৰী গৰাকী আৰু আত্মীয়ই চিঞৰ বাখৰ কৰাৰ পাছতে বাঘটো সেই স্থান এৰি পলায়ন কৰে ৷ জানিব পৰা মতে এই অঞ্চলটোত দীৰ্ঘদিন ধৰি বাঘে সন্ত্ৰাস চলাই আহিছে ৷ যাৰ বাবে এতিয়া বাঘৰ আশংকাত আতংকিত হৈ পৰিছে গাওঁবাসী ।