মৰাণ,20 মাৰ্চ:চৰাইদেউৰ সাপেখাতীত ৰাইজে খেদি খেদি মৰিয়াই এটা নাহৰফুটুকী হত্যা কৰি বাঘটোৰ নখ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত এনেদৰে পুনৰ এটা নাহৰফুটুকীয়ে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
সাপেখাতীত পুনৰ প্ৰাণ গ'ল নাহৰফুটুকীৰ - জীৱশ্ৰেষ্ঠ মানৱৰ হাতত প্ৰাণ গ'ল নাহৰফুটুকীৰ
পুনৰ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত প্ৰাণ গ'ল নাহৰফুটুকীৰ ৷ ৰাইজে খেদি খেদি মৰিয়াই নাহৰফুটুকীটো হত্যা কৰাৰ অভিযোগ ৷ হত্যাৰ পাছতেই একাংশ লোকে বাঘটোৰ নখ পৰ্যন্ত লৈ যোৱাৰ অভিযোগ ৷
![সাপেখাতীত পুনৰ প্ৰাণ গ'ল নাহৰফুটুকীৰ tiger killed at sapekhati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11090946-thumbnail-3x2-tigerkilled.jpg)
সাপেখাতীত পুনৰ প্ৰাণ গ'ল নাহৰফুটুকীৰ
ঘটনাৰ বিৱৰণী অনুসৰি, চৰাইদেউৰ সাপেখাতী বগাবাঘ চাহ বাগিচাৰ মহৰী দিলীপ সন্দিকৈৰ চৌহদত নাহৰফুটুকীটো একাংশ স্থানীয় লোকে বাঘটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ লগায় ৷ লগে লগে ৰাইজে খেদি খেদি বাগিচাৰ লাইনত মৰিয়াই বাঘটো হত্যা কৰে । হত্যাৰ পাছতেই একাংশ লোকে বাঘটোৰ নখ পৰ্যন্ত লৈ যায় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:অবৈধ সুৰাৰ ঘাটিত আমগুৰি আৰক্ষীৰ অভিযান