ডিব্ৰুগড়, 6 এপ্ৰিল:আলফাৰ নামত ধনদাবী কৰি টিংখাং আৰক্ষীৰ জালত পৰিল তিনিজনকৈ যুৱক ৷ আটকাধীন যুৱক কেইজন ক্ৰমে অৰুণ দাস(27), বিকাশ চেত্ৰী(40) আৰু বিশ্বজিত বৰা(24) (Extortion case in Dibrugarh) ৷ এই তিনি যুৱকৰ বিৰুদ্ধে টিংখাং আৰক্ষীয়ে 42/2023 u/s120 B / 387/506 IPC r/w sec 10/13 UA(P) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত (Extortion in the name of ULFA) ৷
আলফাৰ নামত ধনদাবী কৰা এই তিনি যুৱক প্ৰকৃততে আলফাৰ সদস্য হয় নে নহয় সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব যুৱক কেইজনৰ আচল পৰিচয় ৷ উল্লেখ্য যে, উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শেহতীয়াকৈ পোহৰলৈ আহিছে আলফা(স্বাঃ)ৰ দ্বাৰা ধনদাবী কৰা কেইবাটাও ঘটনা ৷ কিছু দিন পূৰ্বে উজনি অসমৰ কেইবাগৰাকীও বিধায়কক নিষিদ্ধ ঘোষিত সংগঠনটোৱে ধনদাবী কৰা বুলি চৰ্চালৈ আহিছিল ৷ কিন্তু বিধায়কক ধনদাবী কৰা বাতৰিক এক বিবৃতিযোগে নস্যাৎ কৰে সংগঠনটোৱে (Extortion by ULFA) ৷
মন কৰিব লগীয়া যে, ডিব্ৰুগড় জিলাত এয়াই প্ৰথম ধনদাবীৰ ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও জিলাখনত এনেধৰণৰ ধনদাবীৰ ঘটনা সংঘটিত হৈ আহিছে ৷ একাংশই আলফা ভুৱা পেড ব্যৱহাৰ কৰি ধন দাবী কৰি আহিছে ৷ সহজে ধন ঘটাৰ বাবে এই দৰে আলফাৰ নামত ধনদাবী কৰি আহিছে দুষ্ট চক্ৰই (ULFA money demand) ৷