ডিব্ৰুগড়,৩০ অক্টোবৰ:সোণাৰিত ক্ৰমাৎ বৃদ্ধি পাইছে দুচকীয়া অথবা চাৰিচকীয়া বাহন চুৰিৰ ঘটনা । গাড়ী চোৰৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসন(Police against car thieves) । দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটাকৈ গভাইত বাইক চোৰক(Three thieves arrested) ।
চৰাইদেউ জিলাৰ সোণাৰিৰ বিভিন্ন ঠাইত বিগত কেইবামাহ ধৰি বাইক চোৰে নিদ্ৰাহৰণ কৰি আহিছিল আৰক্ষীৰ । বাইক চোৰ ধৰিবলৈ আৰক্ষীয়ে অভিযান তৎপৰ কৰিছিল যদিও বিশেষ সফল হ'ব পৰা নাছিল । কিন্তু আজি সোণাৰি আৰক্ষীৰ জালত পৰিল ৩ টাকৈ দুৰ্ধৰ্ষ বাইক চোৰ(Sonari police mission against car thieves) ।
সোণাৰি নগৰৰ মাজমজিয়াত আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় গভাইত চোৰকেইটাক(Assam police anti crime movement) । ধৃত বাইক চোৰকেইটা আব্দুল হুছেইন চৌধুৰী, জাহাংগীৰ হুছেইন লহকৰ আৰু জয়ন্ত নাথ বুলি জানিব পৰা হৈছে । আৰক্ষী চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰি সোণাৰি আৰক্ষী থানালৈ লৈ আনে । ইয়াৰ পাছতেই আৰক্ষীয়ে ধৃত চোৰকেইটাৰ মাৰাথন জেৰা চলায় ৷