নামৰূপ, 29 এপ্ৰিলঃ আইন বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত নামৰূপত ৰঙাঘৰৰ আলহী হ'ল তিনি গৰাকী সাংবাদিক । নীতি বৰ্হিভূতভাৱে ধন সংগ্ৰহ আৰু আইন বিৰোধী বাতৰি প্ৰচাৰ কৰি প্ৰেপ্তাৰ হয় বাতৰি কাকত আৰু ৱেব পৰ্টেলত কৰ্মৰত এই তিনিগৰাকী সাংবাদিক । তেওঁলোকৰ অপকৰ্মৰ বাবে মঙলবাৰে নিশা নামৰূপ আৰক্ষীয়ে প্ৰেপ্তাৰ সাংবাদিক কেইজনক প্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, সাংবাদিক কেইজনে ২০১৯ চনৰ 19 ডিচেম্বৰত নামৰূপৰ বনগাঁও তিনিআলিত নীতি বৰ্হিভূতভাৱে ডাম্পাৰ ৰখাই গাড়ীৰ নথিপত্ৰ বিচৰাৰ লগতে ধন দাবী কৰি স্থানীয় গাঁওবাসীৰ ৰোষত পৰিছিল । উপযুক্ত প্ৰমাণৰ অভাৱ আৰু এজাহাৰ নিদিয়াৰ বাবে তেওঁলোকৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰিব পৰা নাছিল ।
নীতি বৰ্হিভূত কাৰ্যত লিপ্ত হৈ ৰঙাঘৰৰ আলহী হ'ল তিনি সাংবাদিক - ৰঙাঘৰৰ আলহী হ'ল তিনি গৰাকী সাংবাদিক
নামৰূপত ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল বাতৰি কাকত আৰু ৱেব পৰ্টেলত কৰ্মৰত তিনিগৰাকী সাংবাদিক । মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিচতে, বুধবাৰে তিনিওজন সাংবাদিককে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
কিন্তু শেহতীয়াকৈ এই ঘটনাৰ এটি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, য'ত জিলা উপায়ুক্ত গৰাকীৰ অনুমতি সাপেক্ষেহে তেওঁলোকে এই কাম কৰা বুলি উল্লেখ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তৰ তৎপৰতাত আৰু জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত উক্ত ভিডিঅ'টো পৰীক্ষণ কৰাত সাংবাদিক কেইজন এনে কামৰ লগত জড়িত থকা বুলি প্ৰমাণ হোৱাত, নামৰূপ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৩৪২/৩৫৩/৩৮৭/৪১৯/৪৬৮/৩৪ ধাৰাৰ অধীনত ৬২/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয় । লগতে কেইদিনমান পূৰ্বে সাংবাদিক কেইজনে নাবালিকাক ধৰ্ষণৰ এটি বাতৰি নীতি বৰ্হিভূতভাৱে ভিডিঅ' সহিতে প্ৰকাশ কৰাৰ বাবেও তেওঁলোকৰ বিৰুদ্ধে নামৰূপ আৰক্ষীয়ে ৭৪ JJ Act r/w sec.23 of POCSO Act ৰ অধীনত৬৩/২০২০ নম্বৰৰ এটি স্বকীয় গোচৰ ৰুজু কৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিচতে, বুধবাৰে তিনিওজন সাংবাদিককে জেল হাজোতলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃহত্যাৰ অভিযোগত হিন্দু সুৰক্ষা সেনাৰ তিনিজনক গ্ৰেপ্তাৰ