অসম

assam

ETV Bharat / state

কুঁৱাত পৰি দুই শিশু সহ মৃত্যু তিনিজনৰ - প্ৰমোদ গগৈ

নামৰূপৰ লালপাগুৰি ঘাটৰ শ্মশানৰ এটা 30 ফুট দ কুঁৱাত পৰি মৃত্যু হয় অজয় কুল্লু (৮), হৰিৰাম শৰ্মা (৯) আৰু গণেশ শৰ্মা (৪০) নামৰ তিনিজন লোকৰ ।

three people died by fell in well in namrup
three people died by fell in well in namrup

By

Published : Apr 9, 2020, 10:27 AM IST

নামৰূপ, 9 এপ্ৰিলঃ বুধবাৰে নামৰূপৰ লালপাগুৰি ঘাটত সংঘটিত হয় এক শোকাবহ ঘটনা । লালপাগুৰি ঘাটৰ শ্মশানত থকা এটা ৩০ ফুট দ কুঁৱাত পৰি নিহত হয় দুই শিশু সহ তিনিজন লোকৰ । প্ৰাপ্ত তথ্য অনুসৰি, ৩০ ফুট দ কুঁৱাটোত দুটি শিশু পৰা প্ৰত্যক্ষ কৰি শিশু দুটিক উদ্ধাৰ কৰিবলৈ দুজন ব্যক্তিয়েও তাত জাঁপ দিয়ে । কিন্তু কুঁৱাত পৰি থিতাতে নিহত হয় অজয় কুল্লু (৮),হৰিৰাম শৰ্মা (৯)আৰু গণেশ শৰ্মা (৪০)ৰ

কিছু সময়ৰ পিচত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ প্ৰমোদ গগৈনামৰ আন গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত প্ৰসাশনৰ লোক উপস্থতি হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে, পানী নথকা কুঁৱাটোত অক্সিজেনৰ মাত্ৰা কম হ'ব পাৰে বুলি বিবেচনা কৰি অক্সিজেনৰ ছিলিণ্ডাৰ কুঁৱাটোৰ তলিলৈ পঠিওৱাৰ ব্যৱস্থাও কৰিছিল প্ৰশাসনে ।

নামৰূপত শোকাবহ দুৰ্ঘটনাঃ কুঁৱাত পৰি নিহত তিনি

লগতে পঢ়কঃদিল্লীৰ AIIMS ৰ ৩০ গৰাকী স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ

ABOUT THE AUTHOR

...view details