অসম

assam

ETV Bharat / state

ভূ মাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ত তিনি সংগঠনৰ সংবাদমেল

মঙলবাৰে আটছা, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা আৰু কুৰ্মী সমাজে আয়োজন কৰে এক সংবাদমেলৰ (Press conference against Land Mafia in Dibrugarh)। উক্ত সংবাদমেলত জালিয়াতিৰে শ্ৰমিকৰ মাটি কাঢ়ি লোৱা ধৰ্মেশ্বৰ আৰু ললিত দুৱৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাই তিনি চাহ জনগোষ্ঠীয় সংগঠনে ।

ভূ মাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ তিনি সংগঠনৰ সংবাদমেল
ভূ মাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ তিনি সংগঠনৰ সংবাদমেল

By

Published : Aug 23, 2022, 9:13 PM IST

ডিব্ৰুগড়, ২৩ আগষ্ট :মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ বিপৰীতে নৰম স্থিতি জিলা প্ৰশাসনৰ (Assam CM against land broker) । অভিযোগৰ পিছতো ব্যৱস্থা গ্ৰহণত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী আৰু জিলা প্ৰশাসন । জালিয়াতিৰে শ্ৰমিকৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি নিয়া ভূ-মাফিয়া ললিত দুৱৰা আৰু ধৰ্মেশ্বৰ দুৱৰাৰ বিৰুদ্ধে সৰৱ চাহ জনগোষ্ঠীয় সংগঠন (Tea tribe organizations against Land broker) ।

ডিব্ৰুগড়ত এই বিষয়ক লৈ আটছা, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা আৰু কুৰ্মী সমাজৰ সংবাদমেল (Press conference against Land Mafia in Dibrugarh) । ডিব্ৰুগড়ৰ বাণীপুৰস্থিত আটছাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন তিনি চাহ জনগোষ্ঠীয় সংগঠনৰ । জিলাখনৰ জিলিগুৰি গাঁৱৰ ভুক্তভোগী শ্ৰমিক কৃষ্ণ কুৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত জালিয়াতিৰে শ্ৰমিকৰ মাটি কাঢ়ি লোৱা ধৰ্মেশ্বৰ আৰু ললিত দুৱৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী তিনি চাহ জনগোষ্ঠীয় সংগঠনৰ ।

মদাৰখাট মৌজাৰ অন্তৰ্গত জিলিগুৰি গাঁৱত থকা কৃষ্ণ কুৰ্মী আৰু তেওঁৰ পিতৃৰ নামত থকা প্ৰায় ৪ বিঘা ভূমি হস্তগত কৰাৰ অভিযোগ ভূ-মাফিয়া ধৰ্মেশ্বৰ আৰু ললিত দুৱৰাৰ বিৰুদ্ধে । লীজত মাটি লোৱাৰ চলেৰে ঘূৰাই লোৱাৰ সময়ত ভুক্তভোগীৰ ওপৰত শাৰিৰীক নিৰ্যাতনেৰে অত্যাচাৰ চলোৱাৰ অভিযোগ দুই ভূ-মাফিয়াৰ বিৰুদ্ধে (Allegation of physical torture against Land mafia) ।

ভূ মাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ তিনি সংগঠনৰ সংবাদমেল

ইফালে ভূমি জালিয়াতি কৰা ধৰ্মেশ্বৰ আৰু ললিতৰ দলিলখনত সাক্ষী হিচাপে স্বাক্ষৰ কৰিছে টিমনা গাঁও পঞ্চায়তৰ বিজেপি সভাপতি প্ৰাঞ্জল চাংমায়ে । ৰাইজৰ ভোটেৰে টিমনা পঞ্চায়তৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱা প্ৰাঞ্জল চাংমাইৰ ওপৰতো কঠোৰ শাস্তিৰ দাবী আটছাকে ধৰি চাহ জনগোষ্ঠী জাতীয় সংগঠনসমূহৰ ।

ভয়-ভাবুকি আৰু ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত ১০৭ নং ধাৰাৰ দৰে গোচৰ ৰুজু কৰি ভুক্তভোগী শ্ৰমিক কৃষ্ণ কুৰ্মীৰ চাহ বাগিচা, খেতিৰ মাটি আৰু ঘৰ-ভেটি কাঢ়ি ল'লে যদিও পথৰ ভিক্ষাৰী হোৱা কৃষ্ণ কুৰ্মীৰ পৰিয়ালটিয়ে ২০২২-২৩ বৰ্ষলৈকে আদায় কৰিছে মাটিৰ খাজানা ।

তেনেস্থলত নিজৰ মাটি-বাৰী, ঘৰ, খেতি পথাৰ হেৰুৱাই অঘৰী হোৱা দুৰ্ভগীয়া কৃষ্ণ কুৰ্মীৰ নিৰীহ পৰিয়ালটিৰ ন্যায়ৰ বাবে মাত মাতিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি চাহ জনগোষ্ঠীৰ তিনিওটা সংগঠনৰ আহ্বান । কৃষ্ণ কুৰ্মীৰ পৰিয়ালটিৰ জীৱন-সম্পত্তি নিৰাপত্তা সু-নিশ্চিত কৰাৰ লগতে ভূ-মাফিয়া ললিত দুৱৰা আৰু ধৰ্মেশ্বৰ দুৱৰাৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আটছাকে ধৰি চাহ জনগোষ্ঠী সংগঠনসমূহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

সংবাদমেলত উপস্থিত আটছাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী, জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষীন্দৰ কুৰ্মী, ডিব্ৰুগড় শাখাৰ সভাপতি সুৰজ নায়ক, সুনীল পাতৰ, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ জিলা সভাপতি সন্তোষ কুৰ্মী, সম্পাদক খগেন ৰাজোৱাৰ, ডিব্ৰুগড় জিলা কুৰ্মী সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ত :প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ শিক্ষাৰ্থীক জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details