মৰাণ,14 মাৰ্চ:শনিবাৰে নিশা মৰাণৰ 1নং কাছমাৰিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণৰ 1নং কাছমাৰিৰ নিবাসী শ্যাম ওৰাং নামৰ এজন ব্যক্তিক এটা দুৰ্বৃত্তৰ দলে ডিমৌ সমীপৰ ভলুকাগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হানি-খুঁচি হত্যা কৰে । এই হত্যাকাণ্ডৰ লগত জড়িত 3 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ হত্যাকাণ্ডৰ লগত লোককেইজন ক্ৰমে বিনোদ ভূঞা (25), দেৱ ভূঞা (19) আৰু সঞ্জয় ভূঞা (26) বুলি চিনাক্ত কৰা হৈছে ৷
ঘটনা অনুসৰি, 1 নং কাছমাৰিৰ নিবাসী গাড়ী চালক শ্যাম উৰাঙে ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই যোৱাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে । ফলত ডিঙি আৰু দেহৰ বিভিন্ন ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে । ঘটনাৰ কিছু সময়ৰ পাছতে তেজেৰে ৰাঙলী হৈ পৰা শ্যাম উৰাঙক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ততালিকে ডিমৌ আদর্শ চিকিৎসালয়লৈ নিয়ে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্যাম উৰাঙক চিকিৎসকে মৃত ঘোষণা কৰে ।