অসম

assam

ETV Bharat / state

আব্দুল মিলি হত্যাকাণ্ডৰ তিনি অভিযুক্তক আটক - murder

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানা(barbaruah police station)ৰ অন্তৰ্গত কলাখোৱা পানীমিৰি গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ 25 জুনৰ নিশা প্ৰায় 9:30 বজাত আব্দুল মিলি নামৰ 45 বছৰীয়া ব্যক্তিগৰাকীক নৃশংসভাৱে হত্যা কৰে ৷ এই ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

dibrugarh murder
নৃশংস হত্যাকাণ্ড: আৰক্ষীৰ জালত তিনি অভিযুক্ত

By

Published : Jul 1, 2021, 10:50 PM IST

ডিব্ৰুগড়,1 জুলাই :ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা (Crime case) ৷ হত্যা(murder), ধৰ্ষণ(rape)ৰ দৰে জঘণ্য ঘটনাই প্ৰতিদিনে জোকাৰি গৈছে অসমৰ ভিন্ন প্ৰান্ত ৷ সময়ে সময়ে অসম আৰক্ষী(assam police)য়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সমূলি নুই কৰিব পৰা নাই অপৰাধজনিত ঘটনা ৷ তাৰ মাজতে ডিব্ৰুগড়ৰ কলাখোৱাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (murder) ৷ যি কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

নৃশংস হত্যাকাণ্ড: আৰক্ষীৰ জালত তিনি অভিযুক্ত

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানা(barbaruah police station)ৰ অন্তৰ্গত কলাখোৱা পানীমিৰি গাঁৱৰ আব্দুল মিলি নামৰ এগৰাকী 45 বছৰীয়া ব্যক্তিক অতি নৃশংসভাৱে হত্যা কৰাৰ পাচতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । ঘটনা অনুসৰি, 25 জুনৰ নিশা প্ৰায় 9:30 বজাত আব্দুল মিলিক চোকা অস্ত্ৰৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰা হৈছিল ৷ সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হোৱাৰ কথা স্থানীয় লোকে প্ৰকাশ কৰিছে ৷

স্থানীয় ৰাইজৰ অভিযোগ, আৱিষ্কাৰ মিলি (19), মিনু য়েইন(38) আৰু প্ৰতীমা মিলি (42)য়ে মিলি ব্যক্তিজনক হত্যা কৰিছে ৷ ঘটনা সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাৰ 202/2021 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120(B)/302 ধাৰাত তিনিও জনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি তিনি অভিযুক্তকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বৰবৰুৱা আৰক্ষীয়ে ৷ এতিয়ালৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক:ধৰ্ষণৰ পৰা কথমপি ৰক্ষা পৰিল 9 বছৰীয়া কন্যা শিশু

ABOUT THE AUTHOR

...view details