মৰাণ, ২১ আগষ্ট:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো আম আদমী পাৰ্টী চমুকৈ 'আপ'ৰ সংগঠনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে দেওবাৰে মৰাণত আয়োজন কৰা হয় আপৰ যোগদান কাৰ্যসূচী(AAP joining Program in Moran)। এই যোগদানে উজনি অসমত আম আদমী পাৰ্টীৰ ক্ৰমাৎ উত্থান হোৱাৰেই ইংগিত দিছে ।
জিলাখনৰ মৰাণ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে 'আপ'ত যোগদান কৰাক লৈ এতিয়া সমষ্টিটোত চৰ্চা হ'বলৈ ধৰিছে । এই সমষ্টিটোৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আপৰ যোগদান কাৰ্যসূচীত কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বিজেপিৰ বহু নেতা-কৰ্মীয়ে যোগদান কৰে (workers of various political parties joined AAP) ।
সমষ্টিটোৰ পৰা বিশেষকৈ ৰাইজৰ দলৰ হৈ বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা মোহিনী মোহন লিগিৰা আৰু দীৰ্ঘদিন কংগ্ৰেছত থাকি সেৱা আগবঢ়়োৱা ডিব্ৰুগড় জিলা পৰিষদৰ(Dibrugarh Zilla Parishad of congress)প্ৰাক্তন সভাপতি হেম ফুকনে আপত যোগদান কৰা বিষয়টোৱে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে । ইয়াৰে মোহিনী মোহন লিগিৰাৰ লগত প্ৰায় শতাধিক ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে যোগদান কৰে ।