টিংখং, 10 জানুৱাৰী :টিংখাঙৰ ৰাজগড়ৰ কৰমা ভৱনৰ প্ৰাংগণত দেওবাৰে সমবেত হয় ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মহিলা । মাইক্ৰ ফাইনেন্সক নিয়ন্ত্ৰণৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন, মাইক্ৰ‘ ফাইনেন্স কোম্পানীক ৰিজাভ বেংকৰ অধীন কৰাৰ সিদ্ধান্ত আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰা আদি বিষয়ত চৰকাৰে লোৱা সিদ্ধান্তৰ সহাৰি জনাই সমবেত হয় মহিলা সকল ৷
উক্ত স্থান মহিলা সকলে হাত চাপৰিৰে ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ মাইক্ৰ’ ফাইনেন্সৰ গ্ৰাসত সৰ্বহাৰা হোৱা মহিলা সকলৰ আন্দোলন আৰু দাবীৰ প্ৰতি চৰকাৰে সহাৰি জনোৱাৰ পিচতেই এই দৰে মহিলা সকল সমবেত হয় বুলি জানিবলৈ দিছে উক্ত স্থানত উপস্থিত কিছু সংখ্যক মহিলাই ৷